তেজপুৰ, ১৯ ছেপ্টেম্বৰ: মণিপুৰত মেইৰা পাইবি আৰু স্থানীয় ক্লাৱে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া বন্ধৰ ফলত মঙলবাৰে ৰাজ্যখনৰ দৈনন্দিন জীৱনযাত্ৰা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে ৷ মণিপুৰৰ পাঁচজন গাঁৱৰ স্বেচ্ছাসেৱকক আটক কৰি ৰখাৰ প্ৰতিবাদত মেইটেই মহিলাৰ সামূহিক মেইৰা পাইবি আৰু স্থানীয় ক্লাৱে সোমবাৰৰ মাজনিশাৰ পৰা ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল ।
প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে আৰক্ষীয়ে আটক কৰা স্বেচ্ছাসেৱকসকলক শীঘ্ৰে মুকলি কৰি দিয়া । সমান্তৰালভাৱে কুকি উগ্ৰপন্থীৰ অব্যাহত থকা ভাবুকিৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ প্ৰতি হতাশাও বাঢ়িছে । এই হতাশাৰ মূল কাৰণ হ’ল এই উগ্ৰপন্থীসকলৰ লক্ষ্যত থকা বুলি সন্দেহতীত মেইটে সম্প্ৰদায়ৰ সমস্যা সমাধান কৰাত চৰকাৰৰ অনিচ্ছা ৷ এই বিষয়টোৱে মেইটেই সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ বাবে চৰকাৰৰ দায়বদ্ধতাক লৈ সন্দেহৰ সৃষ্টি কৰিছে ।
ইফালে আজি বন্ধৰ সময়চোৱাত প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ ফলত ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । বজাৰসমূহ জনশূন্য হৈ পৰে আৰু স্থানীয় লোকসকলক ঘৰতে থাকিবলৈ আহ্বান জনোৱা হয় ৷