নেশ্যনেল ডেস্ক,১০ জানুৱাৰী: কাৰাগাৰৰ পৰা কয়দীক মুকলি কৰি দিয়াতো সাধাৰণ কথা । কিন্তু অযোধ্যাৰ কাৰাগাৰৰ পৰা ৯৮ বছৰীয়া এগৰাকী সাধুক মুকলি কৰি দিয়া ভিডিঅ'ই লাভ কৰিছে বিশেষ চৰ্চা । জিলা কাৰাগাৰত পাঁচ বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰা ৯৮ বছৰীয়া সাধুজনক স্থানীয় কাৰাগাৰ অধীক্ষক আৰু এজন সমাজকৰ্মী বিজেপি নেতাৰ সহায়ত মুকলি কৰি দিয়া হয় । মুক্তিৰ পিছত, কাৰাগাৰ অধীক্ষকগৰাকীয়ে সাধুগৰাকীক তেওঁৰ কাৰ্যালয়লৈ নি এখন চাদৰ আৰু অংগবস্ত্ৰৰে সন্মান জনাই । ইয়াৰ পাছত সাধুগৰাকীক অধীক্ষকগৰাকীৰ আৰক্ষীৰ এখন জীপত আশ্ৰমলৈ লৈ গৈছিল(98 year old saint released from Ayodhya jail) ।
কাৰাগাৰ প্ৰশাসনৰ এই মানৱীয় পদক্ষেপক স্থানীয় লোকসকলে যথেষ্ট প্ৰশংসাৰে ওপচাই তোলে । এই দৃশ্য ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে । এই সন্দৰ্ভত কাৰাগাৰৰ অধীক্ষক শশীকান্ত মিশ্ৰাই জনাই যে যে ২০১৬ চনত বৰ্ষীয়ান সাধু ৰাম চুৰাটক এটা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । কুমাৰগঞ্জৰ আশ্ৰমত সংঘটিত উক্ত ঘটনাৰ সন্দৰ্ভত অভিযুক্ত কৰা হৈছিল আৰু সাধুগৰাকীক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল । ইয়াৰ পিছত, শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো সাধু ৰাম চুৰাটক মুকলি কৰিব পৰা নগ'ল(Saint released from Ayodhya jail) ।