নেশ্যনেল ডেস্ক,১৭ জুলাই :সুদীৰ্ঘ ৭৫ বছৰৰ অন্তত পাকিস্তানস্থিত পিতৃ গৃহলৈ ৰাওনা হৈছে ভাৰতীয় এগৰাকী আইতা । দেশ বিভাজনৰ পাছৰে পৰা পিতৃ গৃহলৈ যাবলৈ সক্ষম হোৱা নাছিল আইতাগৰাকী । অৱশেষত শনিবাৰে পাকিস্তানে ভিছা প্ৰদান কৰাৰ লগে লগে পিতৃ গৃহলৈ যোৱাৰ সপোন পূৰণ হ'ল আইতাৰ (Old Indian woman got visa to visit Pakistan)। তেওঁ হৈছে ৯০ বছৰীয়া ৰীণা ছিব্বাৰ বৰ্মা ।
ভিছা লাভ কৰাৰ পাছতে ৱাঘা-আটাৰী সীমান্তৰ মাজেৰে পিতৃ গৃহলৈ ৰাওনা হৈছে আইতা । পাকিস্তানত উপস্থিত হৈয়ে আইতাই পিতৃৰ গৃহ চহৰ ৰাৱালপিণ্ডিলৈ ৰাওনা হৈছে (90 year old Indian woman revisits ancestral home in Pakistan)। য'ত তেওঁৰ পৈতৃক বাসস্থান প্ৰেম নিৱাস, তেওঁৰ বিদ্যালয় আৰু শৈশৱৰ বন্ধুবৰ্গক সাক্ষাৎ কৰে ।
সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত পুণেৰ বৃদ্ধা বৰ্মাই কয় যে দেশ বিভাজনৰ পূৰ্বে তেওঁৰ পৰিয়াল ৰাৱালপিণ্ডিৰ দেৱী মহাবিদ্যালয় পথত বাস কৰি আছিল । তেওঁ মডাৰ্ণ স্কুলত পঢ়িছিল । তেওঁ চাৰিগৰাকী ভাই-ভনীও একেখন বিদ্যালয়তে পঢ়িছিল । তেওঁৰ ভাতৃ আৰু এগৰাকী ভগ্নীয়ে মডাৰ্ণ স্কুলৰ সমীপৰ গৰ্ডেন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল ।
সেই সময়ত তেওঁৰ ভাতৃ আৰু ভগ্নীৰ বহু কেইগৰাকী মুছলমান বন্ধু আছিল । মুছলমান বন্ধুসকলে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিছিল বুলি স্মৰণ কৰে ৰীণা ছিব্বাৰ বৰ্মাই । তেওঁলোকৰ পিতৃয়ে এই ক্ষেত্ৰত কোনো বাধা কৰা নাছিল । কিয়নো বিভাজনৰ পূৰ্বে, হিন্দু আৰু মুছলমানৰ এনে কোনো নিষিদ্ধ বিষয় নাছিল ।