নিউজ ডেস্ক,৫ মাৰ্চ: গোপালগঞ্জৰ সুৰা ট্ৰেজেডী ঘটনাৰ অভিযুক্ত ৯ গৰাকীক মৃত্যুদণ্ডৰ ঘোষণা বিহাৰৰ এখন আদালতৰ । উল্লেখ যে ২০১৬ চনৰ ১৬ আগষ্টত সংঘটিত হৈছিল সেই শোকাবহ ঘটনা য'ত জালি সুৰা সেৱনৰ ফলত ১৯ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ৪ গৰাকী মহিলাক আদালতে যাবজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ঘোষণা কৰে । ইফালে জালি সুৰা সেৱনৰ ফলত ৬ গৰাকী ব্যক্তিয়ে দৃষ্টি শক্তি হেৰুৱাইছিল ।
বিহাৰৰ সুৰা ট্ৰেজেডীৰ অভিযুক্তক মৃত্যুদণ্ড আদালতৰ
গোপালগঞ্জৰ সুৰা ট্ৰেজেডী ঘটনাৰ অভিযুক্ত ৯ গৰাকীক মৃত্যুদণ্ডৰ ঘোষণা বিহাৰৰ এখন আদালতৰ । উল্লেখ যে ২০১৬ চনৰ ১৬ আগষ্টত সংঘটিত হৈছিল সেই শোকাবহ ঘটনা য'ত জালি সুৰা সেৱনৰ ফলত ১৯ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল ।
আৰক্ষীয়ে মুখ্য অভিযুক্ত নাগিনা পাচি আৰু ৰূপেশ শুক্লাকে ধৰি ১৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । বিচাৰ চলি থকাৰ মাজতে এগৰাকী অভিযুক্তৰ মৃত্যু হয় । প্ৰথম অৱস্থাত বিহাৰ আদালতে ৯ গৰাকী ব্যক্তিক শাস্তি প্ৰদান কৰিছিল । সুৰা ট্ৰেজেডীৰ ফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু নীতিশ কুমাৰৰ চৰকাৰে ৰাজ্যত সুৰাৰ প্ৰচলন নিষিদ্ধ কৰিছিল আৰু তাৰ চাৰি মাহৰ অন্তত বহু আৰক্ষীকৰ্মীকো নিলম্বন কৰা হৈছিল । অৱশেষত আদালতে ছাথু পাচি, কহ্নাইয়া পাচি, নাগিনা পাচি, লালবাবু পাচি, ৰাজেশ কুমাৰ, সানোজ কুমাৰ, সঞ্জয় চৌধুৰী, ৰঞ্জিত চৌধুৰী আৰু মুন্না চৌধুৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয় ।
লগতে পঢ়ক:পুনৰ ৰাজনীতিলৈ আহিব নেকি শশিকলা...?