অসম

assam

Accident in Maharashtra: দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে একেটা পৰিয়াল ৯ গৰাকীৰ লোকৰ, আহত এটি কণমানি

By

Published : Jan 19, 2023, 1:57 PM IST

মহাৰাষ্ট্ৰৰ ৰায়গাডত শোকাৱহ পথ দুৰ্ঘটনা (Accident in Maharashtra) ৷ দুৰ্ঘটনাত নিহত হয় একে পৰিয়ালৰ ৯ গৰাকী লোক । নিহতসকলৰ ভিতৰত আছে এগৰাকী কন্যা শিশু, তিনিগৰাকী মহিলা আৰু ৫ জন পুৰুষ । আনহাতে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে এটি চাৰি বছৰীয়া কণমানিৰ ৷

9 people killed in truck van collision on Mumbai-Goa highway in Maharashtra
মহাৰাষ্ট্ৰত শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Maharashtra) ৷ মহাৰাষ্ট্ৰৰ ৰায়গাড জিলাৰ মুম্বাই-গোৱা ঘাইপথত (Mumbai Goa highway) বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে নিহত হয় ৯ গৰাকী লোক ৷ লগতে আহত হৈছে এটি কণমানি ৷

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে আন এখন ভেনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (9 people killed in truck van collision) ৷ এই দুৰ্ঘটনাৰ ফলত ভেনত থকা ৯ গৰাকী যাত্ৰীৰ মৃত্যু হয় আৰু আহত হয় এটি কণমানি ৷ মুম্বাইৰ পৰা ১৩০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত ৰাইগাডৰ ৰেপলি গাঁৱত পুৱা ৪.৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।

আৰক্ষী অধীক্ষক সোমনাথ ঘৰগে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা আটাইকেইগৰাকী আছিল আত্মীয়-স্বজন ৷ আটাইকেইগৰাকী ভেনখনেৰে ৰত্নাগিৰি জিলাৰ গুহাগৰলৈ গৈ আছিল । আনফালে ট্ৰাকখন মুম্বাই অভিমুখে গৈ আছিল । গৈ থকা অৱস্থাতে ট্ৰাকৰ সৈতে ভেনখনৰ মুখামুখি সংঘৰ্ষ হয় (Truck van collision on Mumbai Goa highway) ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, " দুৰ্ঘটনাত ৯ গৰাকী লোক নিহত হৈছে । নিহতসকলৰ ভিতৰত আছে এগৰাকী কন্যা শিশু, তিনিগৰাকী মহিলা আৰু ৫ জন পুৰুষ ।" দুৰ্ঘটনাৰ বিষয়া আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ।

লগতে পঢ়ক:Road Accident in Nalbari : নলবাৰীৰ মৰোৱাত দুই বাইকৰ মুখামুখী সংঘৰ্ষ; আহত এজন

উদ্ধাৰকাৰী দলে 9 গৰাকী যাত্ৰীক মৃত অৱস্থাত উদ্ধাৰ কৰে (Child among nine killed in truck van collision) ৷ ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে এটি চাৰি বছৰীয়া কণমানিৰ ৷ কিন্তু প্ৰাণ ৰক্ষা পৰে যদিও দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কণমানিজনী ৷

এই দুৰ্ঘটনাত আহত হোৱা চাৰি বছৰীয়া কণমানিজনীক মঙালীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । ইফালে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:Home guard hurt in hit and run: কৰ্তব্যৰত আৰক্ষীক মটৰ চাইকেলেৰে মহতিয়াই নিলে উদণ্ড যুৱকে

ABOUT THE AUTHOR

...view details