অসম

assam

ETV Bharat / bharat

পঞ্জাৱ-দিল্লীত ১০ টা শিশুৰ ভিতৰত ৯ টিৰে দেহত হৃদযন্ত্ৰৰ সমস্যা - পঞ্জাৱ আৰু দিল্লীত প্ৰতি ১০ টা শিশু

পঞ্জাৱ আৰু দিল্লীৰ ১০ জন কিশোৰৰ ভিতৰত ৯ জনেই সন্মুখীন হৈছে হৃদযন্ত্ৰৰ সমস্যাৰ (Healthy Heart Lifestyle)। কাৰ্ডিঅ’লজিষ্ট ৰজনীশ কাপুৰে দিলে এই উদ্বেগজনক তথ্য(Punjab Delhi children lack healthy heart lifestyle) । সবিশেষ পঢ়ক

9-out-of-10-punjab-delhi-children-lack-healthy-heart-lifestyle-says-study
পঞ্জাৱ আৰু দিল্লীত প্ৰতি ১০ টা শিশুৰ ভিতৰত ৯ টা শিশুৰ দেহত দেখা দিছে হৃদযন্ত্ৰৰ সমস্যাই

By

Published : Aug 21, 2022, 7:19 PM IST

এক অধ্যয়নত উদ্বেগজনক তথ্য পোহৰলৈ আহিছে যে পঞ্জাৱ আৰু দিল্লীত (পাঞ্জাব, দিল্লীৰ শিশু) ১০ জন কিশোৰৰ ভিতৰত ৯ জনেই হৃদযন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈছে (Healthy Heart Lifestyle)। ৫-১৮ বছৰৰ ভিতৰৰ ৩ হাজাৰ ২০০ শিশুৰ ওপৰত কাৰ্ডিঅ’লজিষ্ট ৰজনীশ কাপুৰে (Cardiologist Rajneesh Kapoor) গৱেষণা কৰিছিল(Punjab Delhi children lack healthy heart lifestyle) ।

কাপুৰে কয় যে, প্ৰতিজন অংশগ্ৰহণকাৰীৰ শৰীৰৰ ভৰ সূচকাংক, শাৰীৰিক কাৰ্যকলাপ, শোৱাৰ সময়, খাদ্যাভ্যাস আৰু নিকোটিনৰ সংস্পৰ্শৰ ওপৰত ভিত্তি কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য জুখিছিল(Delhi children lack healthy heart lifestyle) । সৰ্বোচ্চ ১০০ নম্বৰৰ ভিত্তিত তেওঁলোকক জীৱনশৈলী সলনি কৰাৰ পৰামৰ্শ দিয়া হৈছিল বুলি কাৰ্ডিঅ’লজিষ্ট ৰজনীশে কয় ।

ডাঃ ৰজনীশে কয় যে, ইয়াৰে ৪০ তকৈও কম নম্বৰ পোৱা শিশুসকলক শ্ৰেণীভুক্ত কৰা হৈছিল আৰু এই শিশুসকলক অতি শীঘ্ৰেই জীৱনশৈলীৰ কঠোৰ পৰিৱৰ্তন আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ।

৭০ৰ পৰা ১০০ৰ ভিতৰত নম্বৰ পোৱা শিশুসকল সুস্থ আছিল, আনহাতে ৪০ৰ পৰা ৭০ৰ ভিতৰত নম্বৰ পোৱা শিশুসকলক মধ্যমীয়া জীৱনশৈলীৰ প্ৰয়োজন আছিল বুলিও তেওঁ কয় । হৃদৰোগ বিশেষজ্ঞগৰাকীয়ে কয় যে, অধ্যয়ন কৰা শিশুসকলৰ ২৪ শতাংশৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ স্ক'ৰ ৪০তকৈ কম, ৬৮ শতাংশৰ ৪০ৰ পৰা ৭০ নম্বৰৰ ৰেঞ্জত আছিল, আনহাতে মাত্ৰ আঠ শতাংশৰ জীৱনশৈলী আছিল যিয়ে সুস্থ হৃদযন্ত্ৰৰ বাবে প্ৰয়োজনীয় সকলো মাপকাঠী পূৰণ কৰিছিল ।

লগতে পঢ়ক :কৰ্কট ৰোগীৰ যত্ন লোৱা লোকসকল মানসিক চাপত ভোগে

কাপুৰে তেওঁলোকৰ পিতৃ-মাতৃক সন্তানৰ জীৱনশৈলীত পৰিৱৰ্তন সাধন কৰিবলৈ আহ্বান জনায় । অভিভাৱকসকলে যদি সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে তেন্তে প্ৰাপ্তবয়স্ক অৱস্থাত হৃদৰোগৰ সম্ভাৱনাৰ পৰা হাত সাৰিব পাৰিব বুলি চিকিৎসকগৰাকীয়ে কয়(Cardiovascular health) । তেওঁ সকীয়াই দিয়ে যে, শিশুকালৰ জীৱনশৈলীয়ে প্ৰাপ্তবয়স্ক অৱস্থাত হৃদৰোগত প্ৰভাৱ পেলায় ।

হৃদৰোগ বিশেষজ্ঞ ৰজনীশে লগতে কয়, “কিশোৰ কালত বেছিভাগ মানুহেই ৰিস্ক ফেক্টৰৰ বিষয়ে নাভাবে, কিন্তু মই ভাবো যে আমি সকলোৱে এই বিষয়ে চিন্তা-চৰ্চা কৰাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ ।" কাৰণ হয়তো ডাঙৰ হৈ তাৰ পৰা মুক্তি পোৱাৰ কথা চিন্তা কৰাতকৈ কিশোৰ অৱস্থাতে সাৱধান হোৱাটো প্ৰয়োজনীয় । হৃদৰোগ প্ৰতিৰোধৰ বাবে কি কৰিব পাৰি বুলি সোধাত চিকিৎসক কাপুৰে কয় যে, "এয়া আৰম্ভ হয় স্বাস্থ্যসন্মত খাদ্যৰ পৰা । ভাল খাদ্যত শাক-পাচলি, ফলমূল, এক চতুৰ্থাংশ চৰ্বিহীন প্ৰটিন আৰু এক চতুৰ্থাংশ গোটা শস্যৰ পুস্তিকৰ খাদ্য আৰু গাখীৰ থাকিব লাগে ।"

লগতে পঢ়ক :ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত,মানসিক ৰোগৰ আশংকা অধিক

ABOUT THE AUTHOR

...view details