নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ:লক্ষ্নৌত শুকুৰবাৰে পুৱা এক ভয়ানক অঘটন সংঘটিত হয় ৷ এটা নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead of under construction building collapsed)৷
লক্ষ্নৌৰ কেণ্ট অঞ্চলৰ দিলকুছাৰ ওচৰত এটা নিৰ্মাণৰত দেৱাল হঠাতে খহি পৰাত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ কেইবাজনো লোক আহত হোৱাৰ লগতে 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead in Lucknow)৷
এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই পুৱা প্ৰায় ৩ বজাত ঘটনাস্থলীত আৰক্ষীসহ এন ডি আৰ এফৰ দল উপস্থিত হয় ৷ আৰক্ষী, এন ডি আৰ এফে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে এন ডি আৰ এফৰ দলে ধ্বংসস্তুপৰ পৰা 1 জনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে 9 জন লোকৰ মৃতদেহ উদ্ধৰ কৰিবলৈ সক্ষম হয় ৷