নিউজ ডেস্ক, 10 ডিচেম্বৰ :ৰাজস্থানৰ কোটাস্থিত জে.কে. লোন হাস্পতালত 24 ঘণ্টাৰ ভিতৰত মৃত্যু হৈছে 9 টাকৈ নৱজাতক শিশুৰ ৷ এই ঘটনাৰ পাছতেই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৃত সদ্যজাত শিশুৰ পৰিয়ালৰ লোকে জে.কে. লোন হাস্পতালৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই শিশু কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পাছতে জিলা উপায়ুক্তই ঘটনাৰ তদন্তৰ বাবে তদন্তকাৰী কমিটি গঠনৰ নিৰ্দেশ দিছে ৷
ৰাজস্থানৰ জে.কে. লোন হাস্পতালত 24 ঘন্টাত 9 শিশুৰ মৃত্যু
মৃত সদ্যজাত শিশুৰ পৰিয়ালৰ লোকে জে.কে. লোন হাস্পতালৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই শিশু কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পাছতে জিলা উপায়ুক্তই ঘটনাৰ তদন্তৰ বাবে তদন্তকাৰী কমিটি গঠনৰ নিৰ্দেশ দিছে ৷
ৰাজস্থানৰ জে.কে. লোন হাস্পতালত 24 ঘন্টাত 9 শিশুৰ মৃত্যু !
ইফালে ঘটনা সন্দৰ্ভত জে.কে. লোন হাস্পতালৰ অধ্যক্ষ ডাঃ এছ.চি. দুলাৰাক প্ৰশ্ন কৰাত তেও নৱজাতক শিশু কেইটা পূৰ্বৰে পৰা ৰোগাক্ৰান্ত হৈ থকা বুলি দায়সৰা মন্তব্য প্ৰদান কৰে ৷
Last Updated : Dec 11, 2020, 1:04 PM IST