অসম

assam

By

Published : Jan 7, 2021, 8:58 AM IST

ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 am top ten news
9 am top ten news

সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

পুত্ৰৰ সন্ধানত সহায় কৰা সংবাদ মাধ্যম, আৰক্ষী প্ৰশাসন তথা শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন বিশ্বজিৎ দৈমাৰীৰ ৷ সুস্থ শৰীৰে পুত্ৰক পাই আনন্দিত পিতৃ ৷ পুত্ৰৰ সৈতে বৰ্তমানলৈ কোনো ধৰণৰ কথাবাৰ্তা হোৱা নাই পিতৃৰ ৷

তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে : ৰমাকান্ত দেউৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ বিধায়ক গৰাকীয়ে ক’লে ‘‘আজি মধ্য অসম বাসীৰ বাবে এটা উল্লেখযোগ্য দিন । মই বিচৰাত কৈ অধিক ধন পৰিষদৰ উন্নয়নৰ বাবে মুকলি কৰি দিয়াৰ বিষয়ে ঘোষণা কৰিছে চৰকাৰে’’ ।

নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদৰ পূৰ্ণাংগ ৰূপ দিব ৰাইজৰ দলে

7 জানুৱাৰী পৰা মৰাণত অনুষ্ঠিত হ'বলগীয়া ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ স্থলীত উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট নিবন্ধকাৰ অৰুপ বৰবৰাই ৷ তেওঁ কলে, এই অভিৱৰ্তনৰ পৰাই অসমৰ আঞ্চলিকতাবাদৰ ইতিহাসত এটা নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাক ৰাইজৰ দলে পূৰ্ণাংগ ৰূপ দিব ৷

বিজেপিৰ সভাৰ বাবে বন্ধ হ'ল তিনিখনকৈ

শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দম্ভালি মাৰি শিক্ষা খণ্ডৰ উন্নয়নৰ কথা কৈ থকাৰ সময়তে ধুবুৰীত ঘটিল এক নজিৰ বিহীন ঘটনা ৷ কণ কণ শিক্ষাৰ্থীৰ মৌলিক অধিকাৰ খৰ্ব কৰি শাসকীয় দলে ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ কাছাৰীহাটত অনুষ্ঠিত কৰিলে এক বিশাল ৰাজহুৱা সভা ৷ উচ্চ প্ৰাবল্যৰ ডিজে লগাই নৃত্য, গীত পৰিৱেশন কৰি ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ বাবে আধাতে পাঠদান সামৰিব লগা হ'ল তিনিখনকৈ বিদ্যালয়ৰ ৷

বাক্যবাণঃ কংগ্ৰেছ বনাম অগপ

এফালে যদি অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছক কৰ‘ণা ভাইৰাছতকৈ অধিক ভয়ংকৰ ভাইৰাছ বুলি কৈছে ৷ আনফালে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অগপক এইডছৰ লগত তুলনা কৰিছে ৷ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘বাক্যবাণ’ত চাওক কংগ্ৰেছ আৰু অগপৰ মাজৰ বাকযুদ্ধ ৷

বৰাকত 21 ৰ মন্ত্ৰণা বিলালে বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী অজয় জামৱালে

বৰাকত কেইবাখনো বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰা পিচতেই ডিমা হাছাওত উপস্থিত হয় বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা প্ৰভাৰী অজয় জামৱাল, বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সহ-প্ৰভাৰী পৱন শৰ্মা আৰু শিলচৰৰ সাংসদ তথা অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক ডঃ ৰাজদীপ ৰায় । ইয়াৰ পিচতে তিনিওগৰাকী নেতাই হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিৰ্বাচন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অংশগ্ৰহণ কৰে ৷

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত GOC Spear Corps লেফটেনেন্ট

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত GOC Spear Corps লেফটেনেন্ট জেনেৰেল আৰ পি কলিতা ৷ ত্ৰিপুৰাৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে ত্ৰিপুৰাৰ আগৰতলাত লেফটেনেন্ট জেনেৰেল গৰাকী উপস্থিত হয় ৷ ৰাজ্যপাল ৰমেশ বায়াছৰ সৈতে বৈঠকত মিলিত ৷ সেনাৰ ফালৰ পৰা পূৰ্ণ সহযোগিতাৰ আশ্বাস ৷

Geological survey of India ই সংগ্ৰহ কৰিলে পাঠশালাৰ ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা

চৰকাৰে পৰীক্ষা কৰিব বাক্সা জিলাৰ বৰমাত উদ্ধাৰ হোৱা ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা ৷ বুধবাৰে Geological survey of India ই পাঠশালাৰ পৰা ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰে ৷ বজালী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰা হয় ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ এগৰাকী শিক্ষকে সংৰক্ষণ কৰি ৰাখিছিল উল্কাপিণ্ডৰ টুকুৰাটো ৷

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হৈছে বকোৰ লাংকোনাৰ ভাতৃদ্বয় জিতু বড়ো আৰু হেমেন বড়ো ৷ কিন্তু তেওঁলোকে আজিলৈ এই ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

শিলচৰত তুংগত কৃষি আইন বিৰোধী প্ৰতিবাদ

তীব্ৰতৰ ৰূপত কৃষি আইন বিৰোধী প্ৰতিবাদ ৷ ৰাজধানী দিল্লীৰ সমান্তৰালকৈ কৃষি আইনৰ বিৰুদ্ধে আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ বুধবাৰে শিলচৰৰ ক্ষুদিৰাম বসুৰ প্ৰতিকৃতিৰ সমীপত এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাৰা ভাৰত কৃষক সভাৰ কাছাৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে

ABOUT THE AUTHOR

...view details