নেশ্যনেল ডেস্ক, 2 জুলাই :মহাৰাষ্ট্ৰৰ বুলধানাত শুকুৰবাৰৰ মাজনিশা এখন যাত্ৰীবাহী বাছত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীত 26 জন যাত্ৰীৰ মৃত্যু হয় । ইয়াৰ পূৰ্বেও এই স্থানত সংঘটিত হৈছে কেইবাটাও ভয়াৱহ দুৰ্ঘটনাৰ ঘটনা ৷ ৰাজ্যিক ঘাইপথ আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয়, ছয় লেন বহল প্ৰৱেশ নিয়ন্ত্ৰিত এক্সপ্ৰেছৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে Road hypnosis ক বিবেচনা কৰা হৈছে । Highway hypnosis বা driving hypnosis হ’ল এনে এটা অৱস্থা যেতিয়া কোনো চালকে বাহন চলাই থকাৰ সময়ত সেই নিৰ্দিষ্ট সময়ছোৱাত কি হৈছিল সেই কথা মনত পেলাব নোৱাৰে ।
মহাৰাষ্ট্ৰৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত যোৱা ছমাহত পথ দুৰ্ঘটনাত 88 জন লোকে প্ৰাণ হেৰুৱাইছে,শুকুৰবাৰৰ মাজনিশা এখন ব্যক্তিগত বাছে ডিভাইডাৰত খুন্দা মৰাৰ ফলত জুই লাগিছে বুলি এজন বিষয়াই জানিবলৈ দিয়ে । ছয় লেন বহল প্ৰৱেশ নিয়ন্ত্ৰিত এক্সপ্ৰেছৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ কাৰণ Road hypnosis অন্যতম বুলি উল্লেখ কৰে ৰাজ্যিক ঘাইপথ আৰক্ষী বিষয়াগৰাকীয়ে । তথ্যৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে জনায়, যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা নাগপুৰ-মুম্বাই এক্সপ্ৰেছৱে’ত মুঠ 39 টা মাৰাত্মক দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ উপৰিও এই এক্সপ্ৰেছৱেত 616 টা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে য’ত 656 জন লোক গুৰুতৰ আৰু সামান্য আঘাতপ্ৰাপ্ত হৈছে ।