নেশ্যনেল ডেস্ক, ১০ জুলাই :তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা সমগ্ৰ ভাৰততে অতি জনপ্ৰিয় আছিল (Ex Cm of Tamil Nadu Jayalalitha)। এগৰাকী অভিনেত্ৰী হিচাপেও তেওঁ জনপ্ৰিয়তা যথেষ্ট আছিল । সেয়েহে হয়টো তেওঁৰ মৃত্যুৰ পাছতো বহুতে নিজকে জয়াললিতাৰ অনুগামী বুলি দাবী কৰি আহিছে । কেৱল এয়াই নহয় তেওঁ বিশাল সম্পত্তিৰ বাবেও বহুতে নিজকে তেওঁ উত্তৰাধিকাৰী বুলি দাবী কৰি আহিছে ।
এইবাৰ আন এগৰাকী ব্যক্তিয়ে নিজকে জয়াললিতাৰ ভাতৃ বুলি দাবী কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত (Basudevan claims to be brother of Jayalalitha)। ভাতৃ হিচাপে জয়াললিতাৰ সম্পত্তিৰ ৫০ শতাংশ বিচাৰি ন্যায়ালয়ত আবেদন জনালে ব্যক্তিগৰাকীয়ে । ব্যক্তিগৰাকী কৰ্ণাটকৰ মহীশূৰৰ ব্যাসৰপুৰমৰ ৮৩ বছৰীয়া বাসুদেৱন ।
বাসুদেৱনে আদালতত দাখিল কৰা এক আৱেদনত দাবী কৰিছে যে জয়াললিতাৰ পিতৃ আৰ. জয়ৰাম তেওঁৰো পিতৃ আছিল । জয়ৰামৰ প্ৰথমা পত্নী জে. জয়ম্মাৰ একমাত্ৰ পুত্ৰ আৰু তেওঁলোকৰ একমাত্ৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে বাসুদেৱনে (Heir to Jayalalithaa's property)।
বাসুদেৱনে উল্লেখ কৰা মতে, পিতৃ জয়ৰামে দ্বিতীয়বাৰৰ বাবে বেদাৱল্লী ওৰফে বেদম্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । জয়কুমাৰ আৰু জয়াললিতা তেওঁলোকৰ সন্তান আছিল । ১৯৫০ চনত, যেতিয়া তেওঁৰ মাতৃ জয়ম্মাই মহীশূৰ আদালতত বিবাহ বিচ্ছেদ হোৱা স্বামীৰ পৰা আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছিল, তেতিয়া তেওঁৰ পিতৃৰ দ্বিতীয়া পত্নী বেদাৱল্লী, জয়কুমাৰ আৰু জয়াললিতাক সেই গোচৰত উত্তৰদাতা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । পাছত, সেই গোচৰটো এক মীমাংসাত সমাপ্ত হৈছিল ।