নিউজ ডেস্ক, ২২ নৱেম্বৰ : চিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ মঙলবাৰে নিশাও ড্ৰিলিঙৰ কাম অব্যাহত থাকে । এতিয়ালৈকে অগাৰ মেচিনৰ পৰা সুৰংগটোত ছয়ডাল ৮০০ মিঃমিঃৰ পাইপ সুমুৱাই দিয়া হৈছে । চিল্কিয়াৰা সুৰংগত ৩৬ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰা হৈছে । সপ্তমডাল পাইপৰ ৱেল্ডিঙৰ কাম চলি আছে । ড্ৰিলিং এক ইতিবাচক দিশত আগবাঢ়িছে । যদি সকলো ঠিকে থাকে তেন্তে বুধবাৰৰ দিনটো উদ্ধাৰ অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে প্ৰমাণিত হ'ব ।
উল্লেখ্য যে ১২ নৱেম্বৰত ভূমিস্খলনৰ পিছত যমুনোত্ৰী ঘাইপথৰ নিৰ্মাণাধীন চিল্কিয়াৰা সুৰংগৰ ভিতৰত ৪১ জন শ্ৰমিক আবদ্ধ হৈ আছে । ধ্বংসাৱশেষবোৰ আঁতৰাবলৈ প্ৰথমতে যিবোৰ চেষ্টা কৰা হৈছিল তাত সফলতা লাভ কৰা হোৱা নাছিল । ইয়াৰ পিছত থলুৱা অগাৰ যন্ত্ৰৰে ড্ৰিলিং আৰম্ভ কৰা হয় । কিন্তু মাত্ৰ ৭ মিটাৰ ড্ৰিলিং কৰাৰ পিছতে যন্ত্ৰটোৰ ক্ষমতা কম হোৱাত সেইটো আঁতৰাবলগা হয় । ইয়াৰ পিছত আমেৰিকান অগাৰ মেচিন শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ আনিবলগা হয় ।
৬ টা একচন প্লেনত চলি আছে কাম : আমেৰিকান অগাৰ মেচিনে সুৰংগটোত ড্ৰিলিং কৰাৰ সময়ত কম্পন আৰু আৱৰ্জনা পৰাৰ আশংকাৰ সৃষ্টি হৈছিল । যাৰ বাবে ইয়াৰ দ্বাৰাও ড্ৰিলিং বন্ধ কৰা হয় । এই মেচিনটোৰ দ্বাৰা ২২ মিটাৰ ড্ৰিলিং কৰাৰ পিছত কাম বন্ধ কৰিবলগা হয় । ইয়াৰ পিছত শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে অন্যান্য বিকল্পৰ ওপৰত কাম আৰম্ভ হয় । ইয়াৰ বাবে ৬ টা কাৰ্যপৰিকল্পনা গ্ৰহণ কৰা হৈছে ।
পাইপ ৱেল্ডিংঙত সময় লাগিছে : মঙলবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সচিব মেহমুদে জানিবলৈ দিয়ে যে শুকুৰবাৰে পুৱালৈকে অগাৰ মেচিনৰ জৰিয়তে সুৰংগটোৰ ধ্বংসাৱশেষত ৯০০ মিঃমিঃৰ ২২ মিটাৰ পাইপ সুমুৱাই দিয়া হৈছিল । ইয়াৰ পিছত সৃষ্টি হোৱা বাধাৰ বাবে কামটো বন্ধ কৰিবলগা হয় । পাঁচ দিনৰ বিশেষজ্ঞ পৰীক্ষাৰ পিছত ৮০০ মিঃমিঃৰ পাইপডাল সুমুওৱা কাম মঙলবাৰে আৰম্ভ কৰা হয় । পাইপডাল ৱেল্ডিং কৰি সংযোগ কৰিবলৈ সময় লাগিছে ।
সুৰংগটোত ছয়ডাল ৮০০ মিঃমিঃ পাইপ সুমুৱাই দিয়া হৈছে : তেওঁ কয় যে ৯০০ মিঃমিঃ পাইপ এডাল লগোৱাৰ ফলত অধিক কম্পনৰ সৃষ্টি হয় । এনে পৰিস্থিতিত পাইপৰ পৰিসৰ হ্ৰাস কৰা হৈছে । তেওঁ কয় যে ৮০০ মিঃমিঃৰ পাইপডাল ২২ মিটাৰ পৰ্যন্ত স্থাপন কৰাৰ পিছত পুনৰ ড্ৰিলিং কৰা হ'ব । যদি ড্ৰিলিঙৰ সময়ত ধ্বংসাৱশেষত মেচিন বা শিল অধিক পোৱা নাযায়, তেন্তে বুধবাৰে আবেলিৰ ভিতৰত পাইপ স্থাপন যথেষ্ট পৰিমাণে সম্পূৰ্ণ কৰা হ'ব । ড্ৰিলিঙৰ সময়ত পৰৱৰ্তী ২২-৪৫ মিটাৰ দূৰত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব । এই সময়ছোৱাতে আটাইতকৈ কঠিন পৰিস্থিতি আহিব বুলি আশংকা কৰা হৈছে ।