অসম

assam

By

Published : Jan 12, 2021, 10:08 PM IST

ETV Bharat / bharat

সুৰা ট্ৰেজেডী: মধ্যপ্ৰদেশত মৃত্যু 11 জনৰ

সন্দেহজনক বিষাক্ত সুৰা সেৱনৰ ফলত মধ্যপ্ৰদেশত মৃত্যু 11 জনৰ ৷ বহু কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

সুৰা ট্ৰেজেডী: মধ্যপ্ৰদেশত মৃত্যু 11 জনৰ
সুৰা ট্ৰেজেডী: মধ্যপ্ৰদেশত মৃত্যু 11 জনৰ

নেশ্যনেল ডেস্ক,12 জানুৱাৰী: মধ্যপ্ৰদেশৰ মৰেণা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিষাক্ত সুৰা সেৱনৰ ফলত 11 জনকৈ লোকৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ হৈছে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, এই লোক কেইজনৰ মৃত্যু অত্যাধিক সুৰা সেৱনৰ ফলত হৈছে নে বিষাক্ত সুৰা সেৱনৰ বাবে হৈছে সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ৷

সুৰা ট্ৰেজেডী: মধ্যপ্ৰদেশত মৃত্যু 11 জনৰ

আন এক সূত্ৰই জনোৱা মতে, সুমাৱালী অঞ্চলৰ চাৰি গৰাকী আৰু মনপুৰ গাঁৱৰ সাত গৰাকীকৈ লোকে সোমবাৰে নিশা সন্দেহজনক বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক আকোৱালি লৈছে ৷ তাৰোপৰি আন কেইবাগৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক মৰেণা জিলা চিকিৎসালয় আৰু গোৱালিয়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

সম্বলৰ আৰক্ষী মহা-পৰিদৰ্শক মনোজ শৰ্মাই জনোৱা মতে লোক কেইজনৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ৷ ইয়াৰ পূৰ্বেও 2020 চনৰ 14 অক্টোবৰত উজ্জয়ন জিলাত 16 জনকৈ লোকে বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক আকোৱালি লৈছিল ৷ সেই সুৰা খিনিত অত্যাধিক মিথানল মিহলোৱা হৈছিল বুলি FSLৰ বিষয়া প্ৰীতি গায়কোৱাদে নিশ্চিত কৰিছে ৷

লগতে পঢ়ক:মাৰ্কোছে উদ্ধাৰ কৰিলে সন্ধানহীন কামাণ্ডো কেপ্টেইন অংকিত গুপ্তাক

ABOUT THE AUTHOR

...view details