অসম

assam

ETV Bharat / bharat

Maharashtra Accident: মহাৰাষ্ট্ৰত বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ 12 জনৰ মৃত্যু; প্ৰায় 25 জন আহত

মহাৰাষ্ট্ৰত সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হয় প্ৰায় 12 গৰাকী যাত্ৰী ৷ এখন যাত্ৰীভৰ্তি বাছ দ খাৱৈত বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা (Road accident in Maharashtra) ৷

Maharashtra Accident
Maharashtra Accident

By

Published : Apr 15, 2023, 8:19 AM IST

Updated : Apr 15, 2023, 9:11 AM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল: শনিবাৰে পুৱাই মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল’লে 8জনকৈ লোক ৷ ৰায়গড়ৰ পুৰণি পুনে মুম্বাই ঘাইপথৰ খোপলিৰ বৰঘাটত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ পুৱা নিশা প্ৰায় 4 বজাত এখন যাত্ৰী ভৰ্তি বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা (Bus fell into a ditch in Maharashtra) ৷

বাছখনত থকা 12 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 25 জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে (Maharashtra accident news) ৷ ইতিমধ্যেই ঘটনাস্থলীত স্থানীয় আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ আহতসকলক প্ৰেৰণ কৰা হৈছে স্থানীয় চিকিৎসালয়লৈ ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি বাছখনত আছিল প্ৰায় 40গৰাকী যাত্ৰী (Bus accident in Maharashtra) ৷


লগতে পঢ়ক:Encounter in UP: যোৱা ৬ বছৰত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮০ জন

জানিব পৰা মতে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ আছিল বাছখন ৷ পুনেৰ পৰা মুম্বাইলৈ চিংৰোবা মন্দিৰলৈ গৈ আছিল বাছখনৰ সকলো যাত্ৰী ৷ শেহতীয়া তথ্য মতে, 15 ৰ পৰা 25 জনৰো অধিক যাত্ৰী এতিয়াও গভীৰ খাৱৈত আবদ্ধ হৈ আছে ৷ নিয়ন্ত্ৰণ হেৰুৱাৰ বাবেই দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে যদিও, ঘটনাৰ তাৎক্ষণিক কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইফালে, উদ্ধাৰ কৰা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ বাছখনত থকা যাত্ৰীসকলো অৱগত নহয় দুৰ্ঘটনাৰ কাৰণ ৷

কিন্তু আন কোনো বাহনৰ সৈতে যে সংঘৰ্ষ হোৱা নাই সেই কথা নিশ্চিত কৰিছে আৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাৰ কাৰণ বিচাৰি আৰক্ষীৰ তদন্ত আৰম্ভ ৷

লগতে পঢ়ক:Goa Police summons Kejriwal : ৰাজহুৱা সম্পত্তি বিকৃতিকৰণ; কেজৰিৱাললৈ চমন গোৱা আৰক্ষীৰ

Last Updated : Apr 15, 2023, 9:11 AM IST

ABOUT THE AUTHOR

...view details