নেশ্যনেল ডেস্ক,৮ অক্টোবৰ :ইজৰাইলত হত্যাৰ বলি ভাৰতীয়মূলৰ এগৰাকী কিশোৰ (Indian origin teen killed)। জন্মদিনৰ এক অনুষ্ঠানত ছুৰিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় কিশোৰজন । পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰে ভাৰতীয়-ইহুদী অভিবাসী কিশোৰজন । জানিব পৰা মতে এই ঘটনা দেশখনৰ উত্তৰৰ কিৰিয়াত শ্মোনা চহৰৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ৮ গৰাকী কিশোৰক আটক কৰিছে (8 held for killing Indian origin teen)।
স্থানীয় সংবাদমাধ্যমৰ মতে প্ৰায় ১৮ বছৰীয়া ইয়োল লেহিঙ্গাহেলে এবছৰতকৈও কম সময়ৰ পূৰ্বে পৰিয়ালৰ সৈতে ইজৰাইলৰ উত্তৰ জিলাৰ নফ হাগালিল চহৰলৈ প্ৰব্ৰজন কৰিছিল (Indian Jewish community killed) । তেওঁ বিনেই মেনাছেৰ উত্তৰ-পূবৰ ভাৰতীয়-ইহুদী সম্প্ৰদায়ৰ আছিল (Bnei Menashe teen killed)। জানিব পৰা মতে ২০ জনতকৈও অধিক কিশোৰৰ সৈতে তেওঁ এটা জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল । য'ত তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ।
সেই কাজিয়াৰ মাজতে ইয়োল লেহিঙ্গাহেলৰ ছুৰিৰে আক্ৰমণ কৰা হৈছিল । ঘটনাটোৰ পাছতে আৰক্ষীয়ে চাটজ'ৰ হাগলিলিট চহৰৰ এজন ১৫ বছৰীয়া স্থায়ী বাসিন্দাৰ সৈতে আন সাতজন কিশোৰক আটক কৰিছে ।