নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: হিমাচল প্ৰদেশৰ চাম্বা জিলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় আঠজনকৈ লোক আৰু আহত হয় ১১ গৰাকী । ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে পুৱা ১০.১৫ বজাত চাম্বা জিলাৰ তিচা মহকুমাৰ কলনী মৰ্হত এখন ব্যক্তিগত বাহন পথৰ দাঁতিত থকা ২০০ মিটাৰ দ খাৱৈত বাগৰি যোৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় আঠজনকৈ লোক । লগতে আহত হয় ১১ জন লোক ।
হিমাচলত পথ দুৰ্ঘটনাত নিহত ৮ - তিচা মহকুমাত কলনী মৰ্হ
হিমাচল প্ৰদেশৰ চাম্বা জিলাত এখন ব্যক্তিগত বাহন দ খাৱৈত বাগৰি যোৱাৰ ফলত থিতাতে নিহত হয় আঠজন লোক আৰু আহত হয় ১১ জন লোক । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।
হিমাচলত পথ দুৰ্ঘটনাত নিহত ৮
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে শোক ব্য়ক্ত কৰি দুৰ্ঘটনাটো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে । ইতিমধ্যে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ইম্ফলত 20 গৰাকীকৈ নিসিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ আত্ম সমৰ্পণ