অসম

assam

By

Published : Aug 6, 2021, 11:18 AM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰত ৭৯০ খন বাল্য বিবাহ !

মহামাৰীৰ সময়চোৱাত মহাৰাষ্ট্ৰত প্ৰায় ৭৯০ খন বাল্য বিবাহ হোৱাৰ পূৰ্বে বন্ধ কৰা হৈছে । ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে চোলাপুৰ জিলা । ১৮ বছৰ তলৰ ছোৱালীৰ ৮৮ খন বিবাহ প্ৰতিৰোধ কৰা হৈছে ৰাজ্যখনৰ চোলাপুৰত ।

Maharashtra
মহাৰাষ্ট্ৰত ৭৯০ খন বাল্য বিবাহ !

নেশ্যনেল ডেস্ক,৬ আগষ্ট :উন্নয়নশীল দেশ ভাৰতত এতিয়াও বাল্য বিবাহৰ (child marriage) দৰে কিছুমান প্ৰথা চলি আছে । এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যদিও বহু ৰাজ্যত এই প্ৰথা চলিয়ে আছে । মহাৰাষ্ট্ৰ হৈছে অন্যতম ৰাজ্য য'ত এতিয়াও পাঁচ খন বিবাহৰ ভিতৰত এখন বাল্য বিবাহ হয় ।

বিশেষকৈ বিগত বছৰৰ লকডাউনৰ সময়চোৱাত মহাৰাষ্ট্ৰত এই প্ৰথা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা পোহৰলৈ আহিছিল । যাৰ বাবে ৰাজ্য চৰকাৰ যথেষ্ট কঠোৰ হৈছিল আৰু বহু বিবাহ বন্ধ কৰা হৈছিল । ৰাজ্যখনৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী যশোমতী ঠাকুৰে (Women and Child Development Minister Yashomati Thakur) বৃহস্পতিবাৰে জনোৱা মতে মহামাৰীৰ সময়চোৱাত মহাৰাষ্ট্ৰত প্ৰায় ৭৯০ খন বাল্য বিবাহ হোৱাৰ পূৰ্বে বন্ধ কৰা হৈছে ।

বিষয়াসকলৰ মতে,২০২০ চনৰ এপ্ৰিল মাহৰ পৰা বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে চোলাপুৰ জিলা । ১৮ বছৰ তলৰ ছোৱালীৰ ৮৮ খন বিবাহ প্ৰতিৰোধ কৰা হৈছে ৰাজ্যখনৰ চোলাপুৰত । সমান্তৰালকৈ ঔৰঙ্গাবাদত ৬২ খন, ওচমানাবাদত ৪৫ খন, নান্দেদত ৪৫ খন, য়াৱতমালত ৪২ খন আৰু বিডত ৪০ খন বিবাহ বন্ধ কৰি দিয়া হৈছে ।

ইফালে বাল্য বিবাহ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ, ইউনিচেফ (UNICEF) আৰু স্বেচ্ছাসেৱী সংস্থা অক্ষৰা চেণ্টাৰে (Akshara Centre) বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিবাহৰ সংখ্যা আৰু অধিক হ্ৰাস কৰাৰ বাবে নতুন অভিযানো আৰম্ভ কৰা হৈছে । এই অভিযান আৰম্ভ কৰিয়ে মন্ত্ৰী যশোমতী ঠাকুৰে ৰাজ্যখনৰ বাল্য বিবাহ সম্পৰ্কীয় শেহতীয়া তথ্য প্ৰকাশ কৰে ।

জানিব পৰা মতে এই অভিযান ৫ আগষ্টৰ পৰা ছেপ্তেম্বৰ মাহৰ শেষলৈ চলিব । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰাউণ্ড লেভেল প্ৰতিৰোধ প্ৰণালী গ্ৰহণ কৰিছে । সেই পদক্ষেপবোৰৰ ভিতৰত গাওঁ শিশু সুৰক্ষা সমিতি, শিশু সুৰক্ষা প্ৰণালী আৰু হেল্পলাইন 'চাইল্ডলাইন ১০৯৮ ' আদি অতি শক্তিশালী কৰি ৰখা হৈছে ৰাজ্যখনত ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৮ ৰ (Child Marriage Prohibition Act) পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ এক সমিতিও গঠন কৰা হৈছে । ইফালে ইউনিচেফৰ (UNICEF) বিষয়া ৰাজেশ্বৰী চন্দ্ৰশেখৰৰ মতে দেশত বাল্য বিবাহৰ ঘটনাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আছে । ৰাজ্যখনত বাল্য বিবাহৰ ঘটনা ১৯৯৮ চনত ৪৭.৭ শতাংশ আছিল আৰু সেই হাৰ হ্ৰাস হৈ ২০১৯ চনত ২১.৯ শতাংশলৈ আহিছিল । কিন্তু এতিয়াও ৰাজ্যখনৰ কিছুমান জিলাত এনে ঘটনা বৃদ্ধি পাইছে ।

লগতে পঢ়ক :জনজাতীয় সম্প্ৰদায়ক ন্যায় প্ৰদানৰ উদ্দেশ্যে ৰাজ্যসভাত গৃহীত বিধেয়ক

ABOUT THE AUTHOR

...view details