অসম

assam

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 1:32 PM IST

ETV Bharat / bharat

Wild Animal Smuggling: বেংগালুৰুত বিমান যাত্ৰীৰ ছুটকেচত উদ্ধাৰ ফেঁটী, অজগৰসহ ৭৮ বন্যপ্ৰাণী

বন্যপ্ৰাণী চোৰাং ব্যৱসায় সম্পৰ্কীয় এক ঘটনাত বেংগালুৰু বিমানবন্দৰৰ শুল্ক বিষয়াই ৬ ছেপ্টেম্বৰত কেআইএএল বেংগালুৰুত এটা গোচৰ ৰুজু কৰিছিল । জীৱিত অৱস্থাত উদ্ধাৰ হোৱা প্ৰাণীবোৰক ইতিমধ্যে অৰণ্যত মুকলি কৰি দিয়া হৈছে আৰু ৬ টা মৃত বিশেষ প্ৰজাতিৰ বান্দৰ সমাধিস্থ কৰা হৈছে । পৰৱৰ্তী অনুসন্ধান চলি আছে ।

Wild Animal Smuggling
Wild Animal Smuggling

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ :বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহৰ এক ঘটনাত বেংগালুৰুত এজন বিমান যাত্ৰীৰ ছুটকেচৰ পৰা জীৱিত অৱস্থাত ফেঁটী সাপ আৰু অজগৰসহ ৭৮ টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে । এই ঘটনা সন্দৰ্ভত বেংগালুৰুৰ শুল্ক বিষয়াসকলে বেংককৰ পৰা এই ৭৮ টা বন্যপ্ৰাণী চোৰাংকৈ সৰবৰাহ কৰা এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে ।

মুঠ ৭৮ টা বন্যপ্ৰাণীৰ ভিতৰত আছে ১৭ ডাল ৰাজফেঁটী, ৫৫ ডাল অজগৰ । এই সাপকেইডাল জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে । আনহাতে, যাত্ৰীজনৰ ছুটকেচৰ পৰা ছয়টা বিশেষ প্ৰজাতিৰ বান্দৰ মৃত অৱস্থাত উদ্ধাৰ হৈছে । বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭৫-ৰ অধীনত এই আটাইকেইটা প্ৰাণী সৰবৰাহ কৰাটো আইনগতভাৱে দোষণীয় ।

১৯৬২ চনৰ শুল্ক আইনৰ ধাৰা ১১০-ৰ অধীনত আটাইকেইটা বন্যপ্ৰাণী জব্দ কৰা হৈছে । আনহাতে, জীৱিত অৱস্থাত উদ্ধাৰ কৰা প্ৰাণীকেইটা মূল দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত প্ৰাণীকেইটা সঠিক পৰিচ্ছন্নতা ব্যৱস্থাৰে নিষ্কাশন কৰা হৈছে । এই ঘটনাত আন কোন কোন লোক জড়িত আছে তাৰ পৰৱৰ্তী অনুসন্ধান চলি আছে ।

উল্লেখ্য যে, ৬ ছেপ্টেম্বৰৰ নিশা ১০.৩০ বজাত এজন যাত্ৰীয়ে বেংককৰ পৰা আহি বেংগালুৰু কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল । তেওঁ এয়াৰ এছিয়াৰ বিমান এফডি ১৩৭-ৰ পৰা অৱতৰণ কৰিছিল । কিন্তু যেতিয়া যাত্ৰীসকলৰ বয়বস্তু পৰীক্ষা কৰা হয়, তেতিয়া যাত্ৰীজনৰ ছুটকেচটোত ৭৮ টা বন্যপ্ৰাণী উদ্ধাৰ হয় । এই ৭৮ টা বন্যপ্ৰাণী বেংককৰ পৰা বেংগালুৰুলৈ যাত্ৰীজনে অবৈধভাৱে পৰিবহণ কৰিছিল । বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Manipur violence: মেইটেইৰ মাটি-ভেটিও কাঢ়ি নিয়াৰ অভিসন্ধি দুষ্ট চক্ৰৰ !

ABOUT THE AUTHOR

...view details