নিউজ ডেস্ক , 17 অক্টোবৰ : কোনোৱে যদি স্বাধীনতাৰ মূল্য সঁচা অৰ্থত জানিব বিচাৰে, তেন্তে তেওঁলোকে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে পাৰ কৰি অহা সময়খিনিৰ বিষয়ে জনা উচিত ৷ সন্মুখত অহা বিভিন্ন বাধা নেওচি মাতৃভূমিৰ স্বাধীনতাৰ বাবে শেষ উশাহ পৰ্যন্ত তেওঁলোকে জীয়াই থকাৰ বাবে কৰা সংগ্ৰাম, ত্যাগ আৰু ইচ্ছা আদি সকলোবোৰ যথেষ্ট অনুকৰণীয় ৷
1947 চনত আমি স্বাধীনতা লাভ কৰিছিলোঁ যদিও স্বাধীনতাৰ বাবে সংগ্ৰামখন বহু পূৰ্বেই আৰম্ভ হৈছিল ৷ তেনে এক সময় হ'ল 1857 চন ৷ এই সময়খিনিক স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে আখ্যা দিয়া হয় ৷ হাৰিয়ানাত হিছাৰৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অখ্যাত নায়কসকলৰ বলিদানো তেনে এক কাহিনী ৷
1857 চনৰ 29 মে' তাৰিখে বিদ্ৰোহী বাহিনীয়ে হিছাৰ দখল কৰি ইয়াক স্বাধীন বুলি ঘোষণা কৰে ৷ কিন্তু, এই যুঁজ ইয়াতে শেষ হোৱা নাছিল ৷ হিছাৰত থকা সকলো ব্ৰিটিছ সৈনিকক বিদ্ৰোহীসকলে হয় মৃত্যুদণ্ড দিছিল, অথবা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ মাজতে এজন ব্ৰিটিছ সৈনিক পলাই যাবলৈ সক্ষম হয় আৰু জ্যেষ্ঠ বিষয়াসকলক তেওঁ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷
ইয়াৰ পাচতে ব্ৰিটিছ বাহিনী পুনৰ একগোট হৈ বিদ্ৰোহী বাহিনীক আক্ৰমণৰ পৰিকল্পনা কৰে ৷ অন্তিমগৰাকী মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ পৰিয়ালৰ আজম খানে বিদ্ৰোহী বাহিনীক নেতৃত্ব প্ৰদান কৰিছিল ৷ বন্দুক আৰু কামান আদিৰে সুসজ্জিত ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ সৈতে বিদ্ৰোহী বাহিনীয়ে থিয় দিছিল ৷