নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহানায়ক আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাৰ বলত ব্ৰিটিছক মুখ থেকেচা খুৱাই ভাৰতক মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । গান্ধীজীৰ স্মৃতি এতিয়াও হৰ্দা চহৰৰ এই পৰিয়ালটোৰ সৈতে জড়িত হৈ আছে । বিগত ৮৮ বছৰ ধৰি এই পৰিয়ালটোৱে জাতিৰ পিতৃ মহাত্মা গান্ধীৰ স্মৃতি জীয়াই ৰাখিছে । স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হৰ্দাৰ স্বাধীনতা সংগ্ৰামীসকলে ।
গান্ধীজীয়ে হৰ্দাত উপস্থিত হোৱাৰ সময়ত চহৰখনৰ লোকসকলে তেওঁক উপহাৰ হিচাপে দিছিল টকা ভৰ্তি এটা মোনা । এই মোনাটোত আছিল ১,৬৩৩ টকা ১৫ অনা । টকাৰ মোনাটোৰ লগতে মহাত্মা গান্ধীক উপহাৰ স্বৰূপে দিয়া হৈছিল ৰূপৰ সামগ্ৰী । সেই সময়তে নিলাম কৰি দিয়া হৈছিল ৰূপৰ সামগ্ৰীখিনি ।
মহাত্মা গান্ধীয়ে নিলাম কৰা ৰূপৰ ট্ৰে এতিয়াও সংৰক্ষণ কৰি ৰাখিছে হৰ্দা ভগ্নীয়ে গান্ধীয়ে নিলাম কৰা ৰূপ হৰ্দাৰ সোকল পৰিয়ালৰ জ্যেষ্ঠ সদস্য তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত চম্পালাল শংকৰৰ পিতৃ তুলসীৰাম সোকলে ক্ৰয় কৰিছিল । এই ৰূপৰ সামগ্ৰীখিনি এতিয়ালৈকে সংৰক্ষণ কৰি ৰাখিছে হৰ্দাৰ সোকল পৰিয়ালৰ বৃদ্ধ ভগ্নীদ্বয়ে(Harda sisters preserves Gandhi's silver tray) ।
১৯৩৩ চনৰ ৮ ডিচেম্বৰত যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধী হৰ্দালৈ আহিছিল(Mahatma Gandhi visits Harda before Independence), তেতিয়া হৰ্দাৰ ৰাইজে গান্ধীজীৰ ওপৰত পুষ্পবৃষ্টি কৰাৰ লগতে শাৰী পাতি থিয় হৈ তেওঁক আদৰণি জনাইছিল । জনসাধাৰণক ইমান শৃংখলিত ৰূপত দেখি গান্ধীজী গভীৰভাৱে প্ৰভাৱিত হয় আৰু তেওঁৰ ২০ মিনিটৰ ভাষণত হৰ্দাৰ ৰাইজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । লগতে হৰ্দাক কৰি 'হৃদয় নগৰী' আখ্যা দিয়ে মহাত্মা গান্ধীয়ে । গান্ধীজীৰ আগমণৰ বাবে আয়োজিত অনুষ্ঠানৰ অন্তত স্থানীয় ৰাইজে তেওঁক ১৬৩৩ টকা ১৫ অনাৰ লগতে মানপত্ৰ দিছিল ।
এই বিষয়ে হৰিজন সেৱক শীৰ্ষক বাতৰি কাকততো উল্লেখ কৰা হৈছিল । ৰঘুপতি ৰাঘৱ ৰাজা ৰাম শীৰ্ষক ভজনটিৰ সুৰ এতিয়াও প্ৰতিধ্বনিত হৈ আছে এই ঘৰটোত । স্বাধীনতা সংগ্ৰামী চম্পালালৰ ৯২ আৰু ৮৭ বছৰীয়া দুই কন্যাই এতিয়াও গান্ধীজীক স্মৰণ কৰে । তেওঁলোকৰ ঘৰত প্ৰতিদিনে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ভজনটি গাই গান্ধীৰ সংগ্ৰাম আৰু আদৰ্শক মনত পেলায় এই দুই বৃদ্ধাই ।
পৰিয়ালটোৱে সংৰক্ষণ কৰি ৰখা গান্ধীজীৰ ৰূপৰ ট্ৰেখনে এতিয়াও সেই সময়ৰ স্মৃতি সজীৱ কৰি ৰাখিছে । সৰলা সোকলেৰ জনোৱা মতে, তেওঁৰ ওচৰত শতাধিক গ্ৰন্থ আছিল । লগতে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে তেওঁৰ দেউতাকে চলোৱা এটা যঁতৰো আছিল । তেওঁ এই সামগ্ৰীবোৰ আহমেদাবাদস্থিত সবৰমতী আশ্ৰমক উপহাৰ হিচাপে দিছে আৰু এতিয়াও এই সামগ্ৰীবোৰ আশ্ৰমৰ সংগ্ৰহালয়ত আছে ।
লগতে পঢ়ক:75 years of Independence : ১০২ বছৰৰ পিছতো একে উদ্যমেৰে কাম কৰি আছে মহাত্মা গান্ধীৰ 'নৱজীৱন' ন্যাসে