অসম

assam

ETV Bharat / bharat

স্বাধীনতাৰ ৭৫ বছৰ: শ্বহীদ ভগত সিঙে পলায়ন কৰি লুকাই থকা অবিভক্ত বৰ্ধমানৰ সেই ঘৰটো - বটুকেশ্বৰ দত্ত

পূৰ্বৰ অবিভক্ত বৰ্ধমান জিলাৰ খান্দাঘোষৰ ঘোষ পৰিয়ালৰ মাটিৰ তলৰ গোপন ঘৰটোৰ এক বিশেষ ভূমিকা আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত । ব্ৰিটিছৰ চকুত ধূলি দি ভগত সিং আৰু তেওঁৰ সহযোগীসকলে ১৫ দিনৰ বাবে এই গোপন স্থানত আশ্ৰয় লৈছিল । তেতিয়াই তেওঁলোকে নতুন দিল্লীত থকা কেন্দ্ৰীয় বিধানসভাত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । ভগত সিঙৰ সহযোগী বটুকেশ্বৰ দত্তই এই গোপন স্থানৰ বিষয়ে জানিছিল । কিয়নো, তেওঁৰ পিতৃগৃহৰ কাষতে এই ঘৰটো আছিল ।

Bhagat Singh planned his central assembly attack from this secret hideout in West Bengal
পশ্চিমবংগৰ এটা ঘৰৰ পৰা কেন্দ্ৰীয় বিধানসভা আক্ৰমণৰ গোপন পৰিকল্পনা কৰিছিল ভগত সিঙে

By

Published : Oct 9, 2021, 6:03 AM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ ব্ৰিটিছ আৰক্ষী অধীক্ষক জেমছ স্কটক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ভগত সিং আৰু তেওঁৰ সহযোগীসকলে । কিন্তু, ভুলবশতঃ তেওঁলোকে সহকাৰী অধীক্ষক জন চণ্ডাৰ্ছক হত্যা কৰিছিল । ইয়াৰ পাচতে ভগত সিং আৰু তেওঁৰ সহযোগীসকল পলায়ন কৰিছিল সেই সময়ৰ অবিভক্ত বৰ্ধমান জিলালৈ । প্ৰথমতে, তেওঁলোকে আশ্ৰয় লৈছিল বটুকেশ্বৰ দত্তৰ পিতৃগৃহত ।

পশ্চিমবংগৰ এটা ঘৰৰ পৰা কেন্দ্ৰীয় বিধানসভা আক্ৰমণৰ গোপন পৰিকল্পনা কৰিছিল ভগত সিঙে

কিন্তু আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ পৰা ৰক্ষা পৰাটো বৰ কঠিন আছিল । সেয়ে, তেওঁলোকে ঘোষ পৰিয়ালৰ মাটিৰ তলত থকা এটা গোপন ঘৰত আশ্ৰয় লৈছিল । পূব বৰ্ধমান জিলাৰ খাণ্ডাঘোষৰ উয়াৰী গাঁৱত থকা এই মাটিৰ তলৰ ঘৰটোত আছিল ভগত সিং আৰু সহযোগীসকল । সংগ্ৰামী বটুকেশ্বৰ দত্তৰ পিতৃগৃহৰ কাষতে থকা এই ঘৰটোত মাটিৰ তলত এটা গোপন ঘৰ আছিল ।

স্বাধীনতাৰ ৭৫ বছৰ: শ্বহীদ ভগত সিঙে পলায়ন কৰি লুকাই থকা অবিভক্ত বৰ্ধমানৰ সেই ঘৰটো

কেন্দ্ৰীয় বিধান সভাত হোৱা আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল মাটিৰ তলত থকা এই ঘৰটোত । এটা আলমিৰাৰ মাজেৰে এটা গোপন পথ আছিল আৰু এইটোৱে মাটিৰ তলৰ ঘৰটোলৈ যোৱা পথ ।

এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে সেই ঘৰটো আৰু সেই গোপন পথটো এতিয়া বাদুলিৰ বাসস্থানলৈ পৰিণত হৈছে । এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে স্বাধীনতা সংগ্ৰামৰ সময়ৰ স্মৃতি বিজড়িত এই ঘৰটোৱে । ঘৰৰ অধিকাংশ ঠায়েই বসবাসৰ যোগ্য । ঘোষ পৰিয়ালৰ বৰ্তমানৰ প্ৰজন্মই এই ঘৰটো চৰকাৰে সংৰক্ষণ কৰাটো বিচাৰিছে ।

তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে চৰকাৰেও । সাধাৰণ মানুহে বিচাৰে যে, চৰকাৰে ঘৰটো সংৰক্ষণৰ ব্যৱস্থা কৰক । স্বাধীনতা আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় ৰচনা হোৱা খাণ্ডাঘোষৰ ঘোষ পৰিয়ালৰ সেই ঘৰটো এতিয়াও ইতিহাসৰ নীৰৱ সাক্ষী হৈ আছে ।

লগতে পঢ়ক:পুনৰ ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details