নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ :স্বাধীনতা আন্দোলনৰ সময়ত দেশত জন্ম হৈছিল কেইবাগৰাকী বিপ্লৱীৰ । সেইসকলৰ ভিতৰত ভগত সিং আছিল অন্যতম । ভগত সিঙৰ সৈতে সদায়ে স্মৰণ কৰা হয় আন দুগৰাকী বিপ্লৱীক । তেওঁলোক হৈছে সুখদেৱ আৰু ৰাজগুৰু ।
আজিও বহুতকে অনুপ্ৰাণিত কৰে তেওঁলোকৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা প্ৰেমে । ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত তেতিয়াৰ অবিভক্ত ভাৰতৰ লিয়ালপুৰত জন্ম হৈছিল শ্বহীদ ভগত সিঙৰ । দেশপ্ৰেম যেন তেওঁৰ তেজত আছিল । হিন্দু সংস্কাৰবাদী আন্দোলন, আৰ্য সমাজ আৰু ঘাদৰ পাৰ্টিৰ সৈতে জড়িত আছিল তেওঁৰ পিতৃ আৰু খুৰাক ।
পিতৃ আৰু খুৰাকক চাইয়ে ডাঙৰ হৈছিল ভগত সিং । তেওঁৰ পিতৃৰ বাসগৃহ আজিও পাকিস্তানৰ লাহোৰৰ ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনৰ অধীনত সংৰক্ষিত । বিপ্লৱীসকলৰ মতে এটা শৰীৰক হত্যা কৰিলেও সদায় অমৰ হৈ থাকিব শক্তিশালী মন, ধাৰণা আৰু চিন্তা । ভগত সিঙৰ ত্যাগে ইয়াকে প্ৰমাণ কৰিছিল ।
তেওঁৰ ত্যাগ পৰৱৰ্তী সময়ৰ বাবে এক বাৰ্তা হৈ ৰৈছিল । এগৰাকী লেখক হিচাপে ভগত সিঙে হিন্দীলৈ অনুবাদ কৰিছিল ডেন ব্ৰিনৰ মাই ফাইট ফৰ আইৰিছ ফ্ৰীডম । ডাউন উইথ ইম্পেৰিয়েলিজম আৰু লং লাইভ ৰিভলিউচন নামৰ শ্ল'গানৰ বাবেও ভগত সিং বিখ্যাত ।
75 Years of Independence: ভগত সিং, ন্যায়ৰ বাবে মাত্ৰ এটা গুলী মৰা বিপ্লৱীগৰাকী ভগত সিঙৰ লিখনি আৰু ভাষণৰ বাবেই জনপ্ৰিয় হৈছিল মৌলানা হাচৰত মোহনীৰ ইনকুইলাব জিন্দাবাদ (Inquilab Zindabad)। ১৯২৮ চনলৈ, আনসকলৰ দৰেই এজন খঙাল যুৱক আছিল ভগত সিং । ব্ৰিটিছসকলক ভাৰতৰ মাটিৰ পৰা বিতাড়িত কৰাই যাৰ আছিল প্ৰধান উদ্দেশ্য ।
চাইমন কমিছনৰ আগমন আৰু তাৰ পিছত মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ সমৰ্থনকাৰী মধ্যপন্থী নেতা লাল লাজপত ৰায়ৰ মৃত্যুৱে জীৱনৰ গতিপথ সলনি কৰিছিল ভগত সিঙৰ । সেই সময়ত ৭ জনীয়া চাইমন কমিছনৰ আগমনে সৃষ্টি কৰিছিল ব্যাপক প্ৰতিবাদৰ । লালা লাজপত ৰায় আছিল লাহোৰৰ প্ৰতিবাদৰ কেন্দ্ৰবিন্দু । এই প্ৰতিবাদত যোগদান কৰিছিল ভগত সিং আৰু তেওঁ বন্ধুসকলে ।
চাইমন কমিছনক ক'লা পতাকাও দেখুৱাইছিল তেওঁলোকে । কিন্তু জে. এ. স্কটৰ নিৰ্দেশত লালা লাজপত ৰায়ক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল ব্ৰিটিছ আৰক্ষীয়ে । লালা লাজপত ৰায়ৰ মৃত্যুৱে সেই সময়ত উত্তেজিত কৰি তুলিছিল সংগ্ৰামীসকলক । ব্ৰিটিছসকলক এশিকনি দিয়াৰ বাহিৰে যেন বেলেগ চিন্তা নাছিল ভগত সিং আৰু তেওঁৰ হিন্দুস্তান সমাজতান্ত্ৰিক গণৰাজ্য সেনাৰ ।
ব্ৰিটিছসকলক শিক্ষা দিয়াৰ বাবে সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ আৰম্ভ কৰিছিল তেওঁলোকে । কেৱল এয়াই নহয় বৰ্বৰ ঔপনিবেশিক আৰক্ষীৰ বিৰুদ্ধে প্ৰতিশোধৰ সিদ্ধান্ত লৈছিল ভগত সিঙৰ হিন্দুস্তান সমাজতান্ত্ৰিক গণৰাজ্য সেনাই । ইয়াৰ মাজতে জে এ স্কটৰ স্থানত ভুলৱশত তেওঁলোকে গুলীয়াই হত্যা কৰে এজন সাধাৰণ আৰক্ষী চণ্ডাৰ্ছক আৰু লগে লগে আত্মগোপন কৰে ভগত সিঙ সহ বাকীসকলে ।
১৯২৯ চনৰ ৮ এপ্ৰিলত,দিল্লীৰ কেন্দ্ৰীয় বিধান সভাৰ গেলেৰীৰ পৰা বোমা নিক্ষেপ কৰে ভগত সিং আৰু বটুকেশ্বৰ দত্তই । কুম্ভকৰ্ণৰ নিদ্ৰাত থকা চৰকাৰক জগাই তুলিবলৈ বিস্ফোৰণৰ প্ৰয়োজন বুলি তেওঁলোকে পত্ৰিকাও প্ৰেৰণ কৰিছিল । অৱশ্যে তেওঁলোকক গ্ৰেপ্তাৰৰ অপেক্ষাত আছিল আৰক্ষী ।
লক্ষণীয়ভাৱে বিস্ফোৰণত কোনো হতাহত হোৱা নাছিল যদিও আজীৱন কাৰাদণ্ড দিয়া হৈছিল ভগত সিঙক । কিন্তু যিকোনো প্ৰকাৰে ভগত সিঙক ফাঁচী দিব বিচৰা ব্ৰিটিছসকলে আৰম্ভ কৰিছিল চণ্ডাৰ্ছ হত্যাকাণ্ডৰ তদন্ত । ১৯৩০ চনৰ ৭ অক্টোবৰত আদালতে চণ্ডাৰ্ছ হত্যাৰ বাবে দোষী সাব্যস্ত কৰে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ।
লগতে তেওঁলোকৰ মৃত্যুদণ্ডও ঘোষণা কৰে । অৱশেষত লাহোৰ কাৰাগাৰত ১৯৩১ চনৰ ২৩ মাৰ্চত তিনিওগৰাকী বিপ্লৱীকে দিয়া হয় ফাঁচী । ব্ৰিটিছ শাসকসকলৰ খং আৰু হতাশা যেন ইমানতে শেষ হোৱা নাছিল । তেওঁলোকে শ্বহীদ কেইজনৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিবলৈও অস্বীকাৰ কৰিছিল ।
কাৰাগাৰৰ পিছফালৰ দেৱাল ভাঙি মৃতদেহবোৰ উলিয়াই নিয়া হৈছিল আৰু হুচেনিৱালাত জ্বলাই দি সুতলজ নদীত আধা পোৰা মৃতদেহ পেলাই দিছিল ব্ৰিটিছে । পাকিস্তানৰ লাহোৰৰ ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনে এতিয়াও সংৰক্ষণ কৰি ৰাখিছে শ্বহীদ ভগত সিঙৰ পৈতৃক ঘৰটো । ভগত সিঙৰ বাবে ৰাষ্ট্ৰীয় শ্বহীদৰ মৰ্যাদাও দাবী কৰে ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনে । ভগত সিঙৰ দৰে সাহসী বিপ্লৱী সংগ্ৰামীসকলৰ ত্যাগক আজিও স্মৰণ কৰে সমগ্ৰ দেশবাসীয়ে । দেশবাসীৰ চকু আজিও সেমেকী উঠে তেওঁৰ ত্যাগৰ কথা ভাবিলে ।
লগতে পঢ়ক :75 Years of Independence: মহাত্মা গান্ধীয়ে নিলাম কৰা ৰূপৰ ট্ৰে এতিয়াও সংৰক্ষণ কৰি ৰাখিছে হৰ্দা ভগ্নীয়ে