অসম

assam

ETV Bharat / bharat

ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত 724 গৰাকী চিকিৎসকৰ মৃত্যু - আইএমএ

ক’ভিড (Covid 19)ৰ দ্বিতীয় ঢৌত এইপৰ্যন্ত 724 গৰাকী চিকিৎসকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে ইণ্ডিয়ান মেডিকেল এচ’চিয়েশ্যনে (Indian Medical Association) ৷ চিকিৎসকসকলৰ বিৰুদ্ধে চলি থকা হিংসাৰ প্ৰতিবাদত ১৮ জুনত ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস পালন কৰিব আইএমএ (IMA) ই।

724-doctors-died-in-second-wave-of-covid19-pandemic-ima
ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত 724 গৰাকী চিকিৎসকৰ মৃত্যু : আইএমএ

By

Published : Jun 13, 2021, 2:14 PM IST

নেশ্যনেল ডেস্ক, 13 জুন : শনিবাৰে ইণ্ডিয়ান মেডিকেল এচ’চিয়েশ্যনে (Indian Medical Association) ক’ভিড (Covid 19)ৰ দ্বিতীয়টো ঢৌত ৭২৪ গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে বুলি সদৰি কৰিছে । আইএমএ (IMA)ই চিকিৎসকৰ বিৰুদ্ধে হিংসাত জড়িত লোকসকলক শাস্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ আইন ৰখাৰ দাবীত ১৮ জুনত ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস (National Protest Day) আয়োজন কৰাৰ কথা ঘোষণা কৰিছে ।

আইএমএ (IMA)ৰ সভাপতি ডাঃ জে এ জয়লালে (Dr JA Jayalal) কয় যে, শেহতীয়াকৈ অসম, বিহাৰ, পশ্চিমবংগ, দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু আন বহুতো ঠাইত চিকিৎসকসকলৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাত্মক ঘটনা অত্যন্ত উদ্বেগজনক ৷ তেখেতে কয়, "চিকিৎসকসকলে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে । আনহাতে, মহিলা চিকিৎসকসকলে অধিক হিংসাত্মক মৌখিক আৰু শাৰীৰিক আক্ৰমণৰ সন্মুখীন হৈছে । প্ৰতিদিনে দেশৰ সকলো ঠাইতে চিকিৎসকৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণ সংঘটিত হৈ আহিছে ৷"

সেয়েহে চিকিৎসকৰ সুৰক্ষাৰ বাবে আইএমএ (IMA)ই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক তৎক্ষণাত স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সুৰক্ষাৰ মোকাবিলা কৰিবলৈ আহ্বান জনাইছে । "আমি আই পি চি (IPC) আৰু Code of Criminal Procedureৰ সৈতে এখন কেন্দ্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত লোকৰ সুৰক্ষাৰ বাবে আইনৰ দাবী জনাইছো । প্ৰতিখন চিকিৎসালয়ত নিৰাপত্তাৰ মানকৰণ আৰু বৃদ্ধি কৰাটো উচিত । চিকিৎসালয়সমূহক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে অপৰাধীসকলক ফাষ্ট-ট্ৰেক আদালতত বিচাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে,’ ডাঃ জয়লালে লগতে কয় ।

আইএমএ (IMA)ই ১৫ জুনত ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱসৰ আয়োজন কৰিব আৰু লগতে চিকিৎসকসকলৰ ওপৰত হোৱা হিংসাৰ ওপৰত এখন শ্বেতপত্ৰ মুকলি কৰিব । বাবা ৰামদেৱৰ বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত আইএমএ (IMA)ই কয় যে ৰামদেৱৰ দ্বাৰা অবাঞ্ছিত অপমান আইনী পথত আছে আৰু ইয়াৰ বিচাৰ কৰা হ'ব ।

"ৰামদেৱে এতিয়া ৰাজহুৱাভাৱে নতুন বিবৃতি জাৰি কৰি কৈছে যে 'চিকিৎসকসকল দেৱদুত' আৰু তেওঁ ব্যক্তিগতভাৱেও টীকাকৰণৰ বাবে যাব । কিন্তু আমাক দিয়া মানসিক যন্ত্ৰণা আৰু মৌখিক হিংসা পাহৰিব নোৱাৰা," ডি আৰ জয়লালে কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বক্তব্যৰ সন্দৰ্ভত আইএমএ (IMA)ৰ সভাপতিগৰাকীয়ে কয়, "টীকাকৰণৰ বিৰুদ্ধে কাম কৰা যিকোনো ব্যক্তিয়ে দেশৰ ক্ষতি কৰিছে বুলি স্পষ্ট কৰি দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো ।" উল্লেখ্য যে, বাবা ৰামদেৱে এক বিতৰ্কিত বিবৃতিত কৈছিল যে ভাৰতৰ এলোপেথিক চিকিৎসকসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বহু লোকক হত্যা কৰিছে ।

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details