নেশ্যনেল ডেস্ক,২১ জানুৱাৰী :প্ৰতি দিনে দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে (Covid cases increased in India)। যোৱা ২৪ ঘণ্টাত দেশত ৩ লাখ ৪৭ হাজাৰতকৈও অধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে (Covid new cases in India)। এই সময়চোৱাত প্ৰায় ৭০৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে দেশত ক'ভিড ৰোগীৰ মৃত্য়ুৰ সংখ্যা ৪,৮৮,৩৯৬ লৈ বৃদ্ধি হৈছে ।
ইফালে দেশত ক'ভিডৰ সক্ৰিয়া ঘটনা আছে ২০,১৮,৮২৫ টা । ভাৰতত এতিয়ালৈ অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ হাজাৰ । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ ৰৈ যোৱা প্ৰায় ৬.৫ কোটি লোকক অতি শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । কিয়নো শীৰ্ষ বিষয়াসকলে দাবী কৰা মতে প্ৰতিষেধকৰ সুৰক্ষাৰ বাবেই ক'ভিডৰ ঢৌত কৈ তৃতীয় ঢৌত ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।