নেশ্যনেল ডেস্ক,১২ আগষ্ট :দেশত প্ৰায় প্ৰতিদিনে কিশোৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱা দেখা গৈছে । তেলেংগানাৰো বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এইবাৰ ধৰ্ষণৰ বলি হ'ল ৭ বছৰীয়া এগৰাকী কিশোৰী । চুবুৰীয়া পিতা-পুত্ৰৰ কামনাৰ বলি হৈ গুৰুতৰভাৱে আহত কিশোৰী । ঘটনাটো পোহৰলৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযুক্তক 'খুড়া' বুলি সম্বোধন কৰিছিল । কিন্তু সেইগৰাকী খুড়াকৰ মনত যে এইধৰণৰ লেতেৰা অভিপ্ৰায় আছিল সেয়া কিশোৰীগৰাকীৰ লগতে তেওঁ পৰিয়ালে বিশ্বাস কৰিব পৰা নাই ।
পেটবশ্বাচাৰাবাদ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত এই জঘন্য ঘটনাটো সংঘটিত হৈছে । চিআই জি প্ৰশান্তে দিয়া তথ্য অনুসৰি অভিযুক্ত শিৱকুমাৰৰ পৰিয়ালটো শেহতীয়াকৈ কৰ্ণাটকৰ পৰা আহিছিল আৰু তাত বাস কৰি আছিল । তেওঁৰ পত্নী বিশেষভাৱে সক্ষম আছিল। পত্নীয়ে অলপতে ঘৰলৈ গৈছিল । শিৱকুমাৰ আৰু পুত্ৰ চিয়ামেল ঘৰত আছিল । তেওঁলোকে চহৰখনৰে এটা প্ৰতিষ্ঠানত কাম কৰি আছিল । কিশোৰীগৰাকীৰ পৰিয়ালটো তেওঁলোকৰ ঘৰৰ ওচৰতে আছিল । কিশোৰীগৰাকীয়ে অভিযুক্ত শিৱকুমাৰক 'খুড়া' বুলি সম্বোধন কৰিছিল ।