অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 PM TOP TEN NEWS
7 PM TOP TEN NEWS

By

Published : Jan 2, 2021, 6:59 PM IST

হাগ্ৰামা আউট : 21’ৰ নিৰ্বাচনত বিজেপি-ইউপিপিএলৰ মাজত হ’ব মিত্ৰতা

কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ কদমতলাস্থিত ছিখনাঝাৰ জিমনেছিয়াম হলত বিজেপি দলে অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ দলীয় সাংগঠনিক আৰু সম্বৰ্ধনা সভা ৷ বিজেপিয়ে ইউপিপিএলৰ সৈতে মিত্ৰতা কৰি বিটিচিৰ ১২ খন বিধানসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে ৰণজিৎ দাসে ৷

লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পত পাইপ ফুটি দুজনৰ দেহত পৰিল এচিড

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত অঘটন ৷ মুম্বাইস্থিত বাছু কেমিকেল নামৰ এটি ব্যক্তিগত কোম্পানীৰ কুলিন টাৱাৰ-1ত ছালফিউৰিক এচিড পৰিবাহী এডাল উচ্চ চাপ সম্পন্ন পাইপ ফুটি কোম্পানীটোৰ দুজনকৈ কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

১১ মে'ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে'ৰ পৰা অনুষ্ঠিত হ'ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা । টুইটাৰযোগে ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

বৰপেটাত ১৪৩০ ছাত্ৰীক স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বৰপেটা জিলাৰ ১৪৩০ ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী প্ৰদান ৷ এই অনুষ্ঠানতে পৰিবহণ বিভাগে ছাত্ৰীসকলক প্ৰদান কৰিলে বিনামূলীয়া হেলমেট ৷

এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ 78সংখ্যক জন্মজয়ন্তী পালন কৰা হয় ৷ কোকৰাঝাৰৰ ছেৰফাংগুৰিত এবছুয়ে বড়োসকলৰ বিশিষ্ট ছাত্ৰনেতাগৰাকীক সোঁৱৰণ কৰে ৷

আজিৰ ষ্টাৰ্ট আপ কালিলৈ মাল্টিনেশ্যনেল কোম্পানী : নৰেন্দ্ৰ মোডী

‘‘কৃষিৰ পৰা মহাকাশ ক্ষেত্ৰলৈকে পৰিসৰ বৃদ্ধি পাইছে ষ্টাৰ্ট আপৰ ৷ দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰ সমূহত প্ৰায় সংখ্যক ষ্টাৰ্ট আপ গঢ়ি উঠিছে ৷ আজিৰ ষ্টাৰ্ট আপ কালিলৈ মাল্টিনেশ্যনেল কোম্পানী ৷’’-নৰেন্দ্ৰ মোডী

আন এটা দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আগন্তুক দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ কম সময়ত মহাকাশ সংস্থাই ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন যান চমুকৈ এছ এছ এল ভি, উপগ্ৰহ চিত্ৰৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি, চন্দ্ৰায়ন-3, প্ৰথমটো সৌৰ অভিযান আদিত্য-1 আৰু ভাৰতৰ প্ৰথমটো ডাটা ৰিলে চেটেলাইটৰ বিকাশ কৰিব ৷

জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

নাগালেণ্ডৰ মনোমোহা জুক’ উপত্যকা সম্প্ৰতি বনজুইৰ গ্ৰাসত ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা উপত্যকাটো বনজুইৰ পৰা ৰক্ষা কৰিবলৈ সেনাই ব্যৱহাৰ কৰিছে এম আই-17 ভি 5 নামৰ হেলিকপ্তাৰ ৷ গুৱাহাটী বিমানবন্দৰৰ পৰা নাগালেণ্ড অভিমুখে উৰা মাৰিছে হেলিকপ্তাৰখন ৷

জিএমচিএইচৰ পৰা নিৰুদ্দেশ সৰুপথাৰৰ এজন ব্যক্তি

জিএমচিএইচৰ পৰা নিৰুদ্দেশ হৈছে গোলাঘাট সৰুপথাৰৰ অৰূপ সন্দিকৈ । ১ জানুৱাৰীৰ পুৱতি নিশাৰ পৰা নিৰুদ্দেশ ৪০ বছৰীয়া এই ব্যক্তিজন । ভঙাগড় আৰক্ষী থানাত পৰিয়ালৰ নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ ।

চি চি টিভি কেমেৰাত আৱদ্ধ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য

মেঘালয়ৰ ফুলবাড়ীৰ বাংগালখাতাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুত্বভাৱে আহত হয় ৷ উল্লেখ্য যে, দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হয় ৷

ABOUT THE AUTHOR

...view details