অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news

By

Published : Dec 31, 2020, 6:59 PM IST

চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

2020ৰ ভাৰতৰ ক্ৰমবৰ্ধিত বৈদেশিক সম্পৰ্ক

চাওঁতে চাওঁতে শেষ হ’বৰ হ’ল 2020 বৰ্ষটো ৷ বহু উত্থান পতনেৰে ভৰপূৰ 2020 ভাৰতৰ বাবে আছিল এটা বিশেষ বৰ্ষ ৷ বহু ঘাত-প্ৰতিঘাতৰ মাজতো 2020ত ভাৰতৰ বৈদেশিক সম্পৰ্কই নতুন দিশত গতি লাভ কৰিবলৈ সক্ষম হয় ৷ 2020 বৰ্ষত ভাৰতে সম্পন্ন কৰা বিভিন্ন সামৰিক বৈদেশিক চুক্তিক লৈ আমাৰ এই বিশেষ প্ৰতিবেদন ৷

ৰাইজক জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ আহ্বান AIKSৰ

বৃহস্পতিবাৰে জনসাধাৰণত জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ লগতে চাবস্ক্ৰিপশ্যনো পৰিহাৰ কৰিবলৈ অনুৰোধ জনায় সৰ্ব ভাৰত কৃষক সভাৰ ত্ৰিপুৰা সমিতিয়ে ৷ কৃষি আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনোৱাৰ উদ্দেশ্যে এই আহ্বান কৃষক সংগঠনটোৰ ৷

বৰপেটাত ককায়েকে হানি-খুচি হত্যা কৰিলে দুই ভাতৃক

বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংলীপাৰাত জঘন্য হত্যাকাণ্ড । ভূমি বিবাদক কেন্দ্ৰ কৰি ককায়েক নূৰমহম্মদে ডেগাৰেৰে হানি প্ৰাণ ল'লে দুজনকৈ ভায়েকৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

বাক্সাৰ ৰূপহীত ভয়ংকৰ অগ্নিকাণ্ড

বাক্সাৰ ৰূপহীত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি ৷ স্থানীয় ৰাইজ আৰু ব্যৱসায়ীৰ সহযোগত নিৰ্বাপন কৰা হয় জুই ৷

শিৱসাগৰত অসম ঐতিহ্য দিৱসৰ সামৰণি

শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা ঐতিহ্য অসম উৎসৱৰ বৃহস্পতিবাৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে অন্ত ৷

পাঠদানৰ বাবে সাজু ৰাজ্যৰ শিক্ষানুষ্ঠান

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নীতি-নিয়ম আৰু নিৰ্দেশনাৰ মাজেৰে 1 জানুৱাৰীৰ পৰা পুনৰ খুলিব শিক্ষানুষ্ঠানসমূহ ৷ চৰকাৰৰ নিৰ্দেশমৰ্মে খুলিব লাগিব প্ৰাথমিক শিক্ষানুষ্ঠানসমূহো ৷ বিদ্যালয় খোলাৰ প্ৰাকমুহুৰ্তত পৰিস্কাৰ কৰি তোলা হৈছে শ্ৰেণীকোঠাসমূহ ৷ দীৰ্ঘদিনে বন্ধ হৈ থকা শ্ৰেণীকোঠাসমূহ পৰিস্কাৰ কৰি পাঠদান দিবলৈ সাজু হৈ উঠিছে বিদ্যালয় কৰ্তৃপক্ষ ৷

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা

২০২১ চনৰ "ৰংবং তেৰাং সমন্বয় বঁটা'ৰ বাবে মনোনীত হৈছে অসমৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ তথা কবি "অনুৰাধাৰ দেশ'ৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ৷ অহা ১৩ জানুৱাৰী সাহিত্যিকগৰাকীক প্ৰদান কৰা হ'ব এই বঁটা ৷

ভাস্কৰ্য শিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে লেটেকুপুখুৰীৰ বুলবুল

শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটকুপুখুৰীৰ বুলবুল বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে শংকৰদেৱ আৰু মাধবদেৱৰ অনুপম সৃষ্টি ভাওনাৰ চৰিত্ৰ সমূহ ৷

ব্ৰাজিলৰ পাৰ্টিৰ সৈতে নেইমাৰ জড়িত নথকাৰ দাবী মুখপাত্ৰৰ

নেইমাৰে প্ৰায় 150 গৰাকী অতিথিৰ সৈতে নতুন বছৰ উপলক্ষে এক সপ্তাহৰ বাবে পাৰ্টিৰ আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ যাকে লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ সমালোচনাৰ ৷ ইয়াৰ পাছতে নেইমাৰৰ প্ৰতিনিধি সকলে খেলুৱৈগৰাকীক এই সমালোচনাৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰিছে ৷

ABOUT THE AUTHOR

...view details