অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news

By

Published : Dec 26, 2020, 7:09 PM IST

বঙাইগাঁওত চৰকাৰী বিষয়াৰ বাসগৃহত আৰক্ষীৰ তালাচী

বঙাইগাঁওৰ বইটামাৰী খণ্ড উন্নয়ণ বিষয়াৰ বাসগৃহত বঙাইগাঁও আৰক্ষীৰ অভিযান । অভিযানৰ সময়ত উপস্থিত নাছিল বিষয়া আলী আকবৰ ।

ক’ৰণা মুক্ত ধাৰাৱী: বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি

এছিয়াৰ সৰ্ববৃহৎ বস্তি তথা অতি ঘন বসতিৰ অঞ্চলটোত ক’ৰণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বৃহান মুম্বাই মিউনিচিপাল কৰ্পৰেছনৰ সফলতাক বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উদাহৰণ হিচাপে দেখুৱাইছে ৷

প্ৰৱঞ্চক প্ৰতিষ্ঠানৰ বিৰুদ্ধে CBI ৰ 19 টা স্থানত তদন্ত

কেন্দ্ৰীয় অনুসন্ধান তথ্য চমুকৈ CBI য়ে শনিবাৰে জনাই যে, আহমেদাবাদৰ এটা আৰু দিল্লীৰ আন এটা কোম্পানীৰ বিৰুদ্ধে পৃথককৈ দুটা গোচৰ ৰুজু কৰা হৈছে ৷ অভিয়োগ অনুসৰি, আহমেদাবাদৰ কোম্পানীয়ে 67.07 কোটি টকা আৰু দিল্লীৰ কোম্পানীয়ে 64.78 কোটি টকা বেংকৰ ধন হৰলুকি কৰিছে ৷

কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বত বৰ্তমান 8,02,59,245 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে মহামাৰী কৰ’ণাৰ অৱস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে 17,58,759 গৰাকী লোকে ৷

দিল্লী জল বোৰ্ড মুখ্যালয়ত প্ৰৱেশ কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ তথা আপ বিধায়ক ৰাঘৱ চদ্দাই বোৰ্ডৰ মুখ্যালয়ত বলপূৰ্বক প্ৰৱেশ কৰাৰ বাবে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ টুইটাৰযোগে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ শ্বেয়াৰ কৰিছে ৰাঘৱ চদ্দাই ৷

নগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অধিবেশন

নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিৱেশন ।

তিতাবৰত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

এগৰাকী 16 বছৰীয়া কিশোৰীক বহিঃৰাজ্যলৈ চালান দিবলৈ লওঁতেই যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

গোৱালপাৰৰ ফুটুৰীপাৰা-লেওঁৱাবাৰী গাঁৱত শুকুৰবাৰে বন্যহস্তীয়ে আক্ৰমণ চলাই ধ্বংস কৰে এজন লোকৰ বাসগৃহ ৷ আক্ৰমণত কথমপি ৰক্ষা পৰে পৰিয়ালটো ৷

জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

2021 চনৰ 8 জানুৱাৰী লৈকে জম্মু কাশ্মীৰত বাহাল থাকিব ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷ 2G স্পীডতেই জম্মু কাশ্মীৰত চলি থাকিব ইন্টাৰনেট সেৱা ৷ বিগত বৰ্ষত ধাৰা 370 ৰ বাতিল কৰাৰ পাছত জম্মু আৰু কাশ্মীৰত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : পচকীবালা ৰায়ৰ ঘৰলৈ সাহায্য

বঙাইগাঁৱত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি প্ৰকাশৰ পিছতে চকু মেল খালে চৰকাৰ তথা জিলা প্ৰশাসনৰ ৷ অসহায় বৃদ্ধাৰ বাসগৃহৰ মেৰামতি আৰু খোৱাপানীৰ বাবদ দমকল যোগান দিলে প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details