অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Dec 24, 2020, 7:06 PM IST

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা

কাইলৈ অৰ্থাৎ 25 ডিচেম্বৰত ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি । অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে বৃহস্পতিবাৰৰ পৰা মৰাণত দুদিনীয়াকৈ আৰম্ভ হৈছে আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ।

অনাথ শিশুৰ মাজত খাদ্য বিতৰণ অসম ৰাইফলছৰ

মিজোৰামৰ আইজলস্থিত অসম ৰাইফলছৰ 46 বেটালিয়নে বৰদিন উপলক্ষে অনাথ আশ্ৰমত উপস্থিত হয় ৷ আশ্ৰমত উপস্থিত হৈ শিশুসকলৰ সৈতে বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

পালঘৰ সাধু গণহত্যা গোচৰত আৰু 19ক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ পালঘৰত আৰক্ষীৰ সন্মুখতেই হত্যা কৰা হৈছিল দুগৰাকী সাধু আৰু তেওঁলোকৰ গাড়ীচালকক ৷ এই ঘটনাৰ সৈতে জড়িত থকা আৰু 19 গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ

প্ৰতিবছৰে 24 ডিচেম্বৰত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস পালন কৰা হয় ৷ উপভোক্তা আইনে গ্ৰাহকৰ হিতৰ বাবে উল্লেখনীয় সুৰক্ষা প্ৰদান কৰে ৷ যদি কোনো উৎপাদিত সামগ্ৰীয়ে আপোনাৰ লোকচান কৰিছে অথবা তাৰ চৰ্তত উপনীত হোৱা নাই, তেতিয়া তাৰ বিৰুদ্ধে আপুনি অভিযোগ দাখিল কৰিব পাৰে, উচিত ক্ষতিপূৰণ দাবী কৰিব পাৰে ৷ ইয়াৰ বাবে পৃথকে গ্ৰাহক সুৰক্ষা আদালত স্থাপন কৰা হৈছে ৷

জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

তত্বাৱধায়কৰ দায়িত্ব লোৱাৰ পাছত অসমলৈ প্ৰথমবাৰলৈ আহি জিতেন্দ্ৰ সিঙে যি তিতা অভিজ্ঞতাৰ সন্মুখীন হ'ল, সিয়ে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বাবে বিপদ মাতি অনাৰ অতিক্ৰম হৈছে । প্ৰদেশ কংগ্ৰেছৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা মতে, ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ডৰ হাতত জিতেন্দ্ৰ সিঙে দাখিল কৰিছে অসমত দলৰ সাংগঠনিক অৱস্থা সম্পৰ্কীয় এক প্ৰতিবেদন ।

ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱক আদৰ্শ গাঁও ঘোষণা

দক্ষিণ কামৰূপৰ অনগ্ৰসৰ অনুসূচীত লোকৰ বসতি প্ৰধান গাঁও কুকুৰমাৰা । সকলো দিশৰ পৰা অৱহেলিত গাঁওখনলৈ অৱশেষত চকু পৰিল অসম চৰকাৰৰ । ঘোষণা কৰিলে আদৰ্শ গাঁও হিচাপে ।

নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি

নগাঁৱত জননেতা তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি অৰ্পন । জিলা কংগ্ৰেছৰ শান্তি সদ্ভাৱনা যাত্ৰা । নেহৰুবালিত কলংঘাটত বিসৰ্জন চিতাভস্ম ।

বৃটেইনত এপ্ৰিলৰ পাছত সৰ্বাধিক কৰ‘ণাত আক্ৰান্তৰ মৃত্যু !

বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে ১৯ ডিচেম্বৰত প্ৰথম কৰ‘ণাৰ ‘নতুন ধৰণ’ৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ কথা ঘোষণা কৰিছিল ৷ যাক প্ৰায় 70 শতাংশ অধিক সংক্ৰমণাত্মক হিচাপে জনা গৈছে।

অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখলেৰে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন (কা), ২০১৯ৰ বাতিলৰ দাবী আৰু কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখলা কাৰ্যসূচী ।

নিশা হঠাৎ নাওবৈচাত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত

নিশা হঠাতে নাওবৈচাত উপস্থিত হৈ এখন দলীয় বৈঠকত মিলিত হয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷

ABOUT THE AUTHOR

...view details