মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিগত এবছৰতকৈতও অধিক কাল কাৰাবন্দী হৈ থাকিব লগীয়া হৈছে অখিল গগৈ ৷ কৃষক নেতাজনৰ বিৰুদ্ধে ৰুজু হৈছিল আন কেইবাটাও গোচৰৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ বহুসময়ত কৃষকনেতাজনক কাৰামুক্ত কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰা হৈছে যদিও, বৰ্তমানলৈকে এই দাবী গ্ৰহণ কৰা হোৱা নাই ৷ কিন্তু অচিৰেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি জানিব পৰা হৈছে ৷
স্বেচ্ছাই ব্যক্তিগত নিৰাপত্তৰক্ষী এৰিব খুজিছে হাগ্ৰামাই
বিটিআৰ ভোটযুদ্ধত পৰাজয় বৰণ কৰাৰ পাচতে হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যাহাৰ কৰিব খুজিছে ব্যক্তিগত নিৰাপত্তাৰক্ষী ৷ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সকলো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ বিটিচিৰ আইজিপি লৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷
তিনিচুকীয়াত বিভিন্ন দাবীৰে গণ বিক্ষোভ কাৰ্যসূচী
টিএমপিকে, এমএমকে, টিএমএমকেৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া । ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । ১৫০০ৰো অধিক মিচিং জনগোষ্ঠীৰ লোকে টালি-টোপোলাসহ ওলাই আহি পুনৰ সংস্থাপনৰ দাবী জনায় ।
শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহ্য অসম উৎসৱ
তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত ইউথ কানেক্ট আসামৰ উদ্যোগত পালন কৰা হ'ব ঐতিহ্য অসম সপ্তাহ ৷ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থকা প্ৰতিভাসমূহ তথা সৃষ্টিশীলতাক ৰাইজৰ আগত পৰিচয় কৰাই স্বাৱলম্বিতাৰ দিশে আগুৱাই নিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰা হৈছে ৷
উন্নয়ন স্থবিৰ হোৱাৰ বাবে ক’ভিড-19ক দোষাৰোপ বিধায়িকা আঙুৰলতাৰ
বটদ্রৱা সমষ্টিৰ ৰাইডঙীয়া আৰু আইভেটি পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও গুৰুত্বপূর্ণ স্থানত আঙুৰলতা ডেকাই ৯ লক্ষ টকাৰ অনুদান আগবঢ়ায় ।