নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । ঘটনাস্থলীত উপস্থিত অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ মহা পৰিদৰ্শক চুকো আপা আৰু উপ মহা পৰিদৰ্শক ৷
বিলাসীপাৰাত কা' আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক সোঁৱৰণ
12 ডিচেম্বৰত প্ৰশাসনৰ গুলিত প্ৰাণ আহুতি দিয়া পাঁচ গৰাকীকৈ ছাত্ৰ দীপাঞ্জল দাস, ছেম ষ্টেফ'ৰ্ড, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিংক আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনৰ সমীপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন
মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ বৰাক উপত্যকাত উপস্থিত হৈয়েই কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে ৷
27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি
অসম - মিজোৰাম সীমান্তত উত্তেজনাক লৈ আদালতত জনস্বাৰ্থ জনিত আবেদন দাখিল ৷ 27 জানুৱাৰীত এই সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰিব ৷ অসমত মিজো দুস্কৃতিকাৰীৰ বলপূৰ্বক প্ৰৱেশ আৰু বন ধ্বংস ৰোধৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবী জনাই দাখিল কৰা হৈছিল এই আবেদন ৷
সদৌ অসম ভিত্তিত মুকলি টেবুল টেনিছ প্ৰতিযোগিতা
যোৰহাটৰ কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে মুকলি টেবুল টেনিছ প্ৰতিযোগিতা ৷ 11 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷