নেশ্যনেল ডেস্ক , ৩০ ডিচেম্বৰ :তেলেংগাৰ পিছত এইবাৰ কৰ্ণাটক ৰাজ্য়তো কৰ'ণাৰ নতুন সংস্কৰণকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য়ৰ । ৰাজ্য়খনৰ স্বাস্থ্য়মন্ত্ৰী কে সুধাকৰে বুধবাৰে সংবাদমাধ্য়মক জনোৱা মতে ব্ৰিটেইনৰ পৰা ৰাজ্য়খনলৈ অহা ৭ জন ব্য়ক্তিৰ দেহত কৰ'ণাৰ নতুন সংস্কৰণ ধৰা পৰিছে । কৰ'ণাত আক্ৰান্ত ২৬ গৰাকী লোকৰ নমুনা পৰীক্ষণৰ বাবে বেংগালুৰু NIMHANS লৈ পঠিওৱা হৈছিল আৰু তাতে ব্ৰিটেইনৰ পৰা অহা ৭ জনৰ তাত পোৱা গৈছে কৰ'ণাৰ এই নতুন ষ্ট্ৰেইন ।
উল্লেখ্য যে, শেহতীয়াকৈ ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা ১,৬১৪ গৰাকী লোকৰ ভিতৰত নমুনা পৰীক্ষণৰ বাবে পঠিওৱা এই ২৬ গৰাকীও আছিল । স্বাস্থ্য়মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্য়মক জনোৱা মতে কৰ'ণাৰ নতুন ষ্ট্ৰেইন ধৰা পৰা সকলৰ ৩ জনক বেংগালুৰু আৰু বাকী ৪ জনক শিবামোগ্গাৰ হাস্পতালত ৰখা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৪৬ গৰাকী লোক কোৱাৰেন্টিনত আছে ।