অসম

assam

ETV Bharat / bharat

পুণে অগ্নিকাণ্ড: মৃতকৰ সংখ্যা 17 লৈ বৃদ্ধি - Fire incident in Pune

মহাৰাষ্ট্ৰৰ পুণেৰ পিৰংগুটত কেমিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এই পৰ্যন্ত 17 জন লোকৰ মৃত্যু ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷

Fire incident in Pune  পুণে অগ্নিকাণ্ড
পুণে অগ্নিকাণ্ড: মৃতকৰ সংখ্যা 17 লৈ বৃদ্ধি

By

Published : Jun 7, 2021, 9:37 PM IST

নিউজ ডেস্ক, 7 জুন: মহাৰাষ্ট্ৰৰ পুণেৰ পিৰংগুটত সোমবাৰে দুপৰীয়া এটা কেমিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত এই পৰ্যন্ত 17 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ বৰ্তমানেও কোম্পানীটোৰ ভিতৰত আৰু কৰ্মচাৰী আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কোম্পানীটোত 37 জন কৰ্মচাৰীয়ে কাম কৰি আছিল বুলি জানিব পৰা গৈছে ৷

ইফালে এই অগ্নিকাণ্ডৰ পাছতে তাৎক্ষণিক ভাৱে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ 6খন বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলোৱাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: পুঞ্জত পাক্ অধিকৃত কাশ্মীৰ (POK)ৰ নাগৰিক আটক

ABOUT THE AUTHOR

...view details