নেশ্যনেল ডেস্ক , ৭ অক্টোবৰ: বুধবাৰে কৰ্ণাটকত প্ৰবল বৃষ্টিপাতত এটা বাসগৃহ খহি পৰাত ৭ গৰাকী লোকৰ মৃত্যু হয় । ৰাজ্যখনৰ বেলাগাভি জিলাৰ বাদল-আনকাল্গি গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয় । বাসগৃহ খহি পৰাৰ ফলত থিতাতে শিশুসহ ৫ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, চিকিৎসালয়লৈ নিয়াৰ পথত আন দুজন লোকৰ মৃত্যু হয় ।
নিহত লোকসকলৰ ভিতৰত ৮ বছৰ বয়সৰ দুগৰাকী কণমানিও আছিল । এই ঘটনাত একেটা পৰিয়ালৰে ছয়গৰাকী সদস্যৰ মৃত্যু হয় । মৃত লোকসকল হৈছে- গংগাভা ভীমাপ্পা খানাগাভি(৫০), সত্যভা অৰ্জুন খানাগাভি(৪৫), পূজা অৰ্জুন খানাগাভি(৮), সবিতা ভীমাপ্পা খানাগাভি(২৮), লক্ষ্মী অৰ্জুন খানাগাভি(১৫), অৰ্জুন হনমন্ত খানাগাভি(৪৫) আৰু কাশাভা ভিট্টল কোলেপ্পানা ৱাৰ(৮) । আনহাতে, এই ভয়াৱহ অঘটনৰ পৰা প্ৰাণ ৰক্ষা পৰে পিতৃ ভীমাপ্পা খানাগাভি আৰু পুত্ৰ দেৱৰাজ খানাগাভিৰ ।
অঘটন সংঘটিত হোৱাৰ সময়ত ভীমাপ্পা খানাগাভিয়ে দোকানৰ পৰা বস্তু আনিবলৈ গৈছিল আৰু দেৱৰাজ খানাগাভিয়ে ব্যক্তিগত কামৰ বাবে বেলাগাভি চহৰলৈ গৈছিল । গাঁওখনত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণৰ হৈ আছিল । ফলত, মেৰামতিৰ কাম চলি থকা ঘৰটোৰ দেৱালৰ এটা অংশ খহি পৰে ।