অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি - ভয়াৱহ দুৰ্ঘটনা

মধ্য প্ৰদেশৰ চাটনাত শোকাৱহ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল শিশুসহ ৭জন লোকৰ। গুৰুতৰভাৱে আহত ৫ জন লোক। আত্মীয়ৰ ঘৰত এক অনুষ্ঠান অংশ লোৱাৰ পিছত দেওবাৰে নিশা এখন বাহনেৰে ঘৰলৈ উভতি আহি আছিল লোককেইজন। চাটনাত এখন ডাম্পাৰত পিছফালৰ পৰা খুন্দিয়ায় তীব্ৰবেগী বাহনখনে।

মধ্য প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি
মধ্য প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি

By

Published : Nov 9, 2020, 12:51 PM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: ৭ জনকৈ লোকৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে মধ্য প্ৰদেশৰ চাটনাত। দেওবাৰে চাটনাত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই অনা এখন বাহনে খুন্দিয়ায় এখন ডাম্পাৰত। থিতাতে শিশুসহ ৭জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত ৩ গৰাকী মহিলাও আছে। আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা আন ৫ জন লোক। আটাইকেইজনকে ৰেৱা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

দেওবাৰে নিশা এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, তীব্ৰবেগী বাহনখনে পিছফালৰ পৰা ডাম্পাৰত খুন্দিওৱাৰ ফলতে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা মৃত্যু হোৱা আটাইকেইজন লোক ৰেৱা জিলাৰ বাসিন্দা। জিলাখনৰ সমীপৰ এটা অঞ্চলত থকা আত্মীয়ৰ ঘৰত এক অনুষ্ঠান অংশ লোৱাৰ পিছত দেওবাৰে নিশা এখন বাহনেৰে ঘৰলৈ উভতি আহি আছিল লোককেইজন। দুৰ্ঘটনাৰ পিছতে আৰক্ষী উপস্থিত তদন্ত অব্যাহত ৰাখে।

উল্লেখ্য যে, যোৱা ৭ নৱেম্বৰত ৰাজ্যখনৰ চিংগৰোলী জিলাৰ এখন গাঁৱত মিনি ট্ৰাক দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫ জন লোক আহত হয়। এই দুৰ্ঘটনা নিশা ২ বজাত জিলাখনৰ মুখ্য কাৰ্যালয়ৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত ভলেইয়া ত'লা গাঁৱত সংঘটিত হয়। এক অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতি আহি থাকোতেই দুৰ্ঘটনাত পতিত হয়।

লগতে পঢ়ক:দুঘন্টাৰ বাবে ফটকা আতচবাজী ফটোৱাত অনুমতি প্ৰদান কৰিলে হাৰিয়ানা চৰকাৰে

ABOUT THE AUTHOR

...view details