নেশ্যনেল ডেস্ক , ৯ ছেপ্টেম্বৰ :কৰ'ণাৰ (Corona) সমান্তৰালকৈ এইবাৰ কেৰালাত নিপা ভাইৰাছৰ (Nipah Virus) সন্ত্ৰাস । কিছুদিন পূৰ্বে এই ভাইৰাছৰ ফলত মৃত্যু হৈছিল ১২ বছৰীয়া এজন কিশোৰৰ । ইয়াৰ পাচতে কেৰালাৰ স্বাস্থ্য বিভাগ যথেষ্ট সষ্টম হৈ পৰিছে ।
মৃত কিশোৰৰ সংস্পৰ্শলৈ অহা সকলোৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । অৱশ্যে এতিয়ালৈ তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । শেহতীয়াকৈ কিশোৰজনৰ সংস্পৰ্শলৈ অহা ১৫ গৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু তেওঁলোকৰ নমুনাৰ ফলাফলো নিগেটিভ পোৱা গৈছে ।