নিউজ ডেস্ক, ৪ জুলাই :গুজৰাটৰ আহমেদাবাদৰ ছয় বছৰীয়া শিশুকন্যা কণিকা ভাগটিয়াই ৩×৩ টা মাল্টি কিউব সমাধান কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় কিউবাৰ হিচাপে গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিছে । মাত্ৰ ৪ বছৰ বয়সতে কিউবিক সমাধান আৰম্ভ কৰা কণিকাই মাত্ৰ দুমাহৰ ভিতৰত ৰুবিক কিউব কেনেদৰে সমাধান কৰিব লাগে শিকিছিল । বৰ্তমান তেওঁ ৰুবিক কিউবৰ আঠটা আটাইতকৈ প্ৰত্যাহ্বানমূলক প্ৰকাৰ সফলতাৰে সমাধান কৰিব পাৰে ।
কণিকাৰ পিতৃ কেয়ুৰ ভগতিয়াই কয় যে তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ চাৰে চাৰি বছৰ । কোভিড ঢৌৰ কিছু পূৰ্বে আমি এটা জন্মদিনৰ পাৰ্টীলৈ গৈছিলোঁ । কণিকাই উপহাৰ হিচাপে এটা (ৰুবিকৰ) কিউব লাভ কৰিছিল । সেইটো লাভ কৰাৰ পিছত তেওঁ এটা কাষৰ ৰংবোৰ মিলাই মোৰ ওচৰলৈ লৈ আহি কয় যে তেওঁ কিউবটো সমাধান কৰিব বিচাৰে । সেয়েহে আমি ওচৰতে সন্ধান পোৱা এখন একাডেমীলৈ তেওঁক লৈ যাওঁ, য'ত তাই কিউববোৰ কেনেদৰে সমাধান কৰিব লাগে তাৰ প্ৰাৰম্ভিক বিষয় শিকিছিল । তেওঁ লগতে কয় যে তেওঁৰ এই সামগ্ৰিক যাত্ৰা তাৰ পৰাই আৰম্ভ হয় ।
উল্লেখ্য যে যুৱ কিউব-মাষ্টাৰৰ বাবে এক মুখ্য অনুপ্ৰেৰণা হৈছে চাইনা নেহৱাল । কণিকাই কয় যে তেওঁ তেওঁৰ পিতৃক চাইনা নেহৱালৰ ভিডিঅ চাই থকা দেখিছিল । "এবাৰ দেউতাই চাইনা নেহৱালৰ ভিডিঅ চাই আছিল । মই তেওঁক সুধিছিলোঁ তেওঁ কি চাই আছে । তেওঁ মোক কৈছিল যে তেওঁ বেডমিণ্টন খেলে (আৰু পদক জিকিছে) । মই পাপাক সুধিছিলোঁ পদকবোৰ কি । সেয়েহে তেওঁ মোক কৈছিল যে কোনোৱে কেৱল ক্ৰয় কৰিয়ে পদক লাভ কৰিব নোৱাৰে । তাৰ বাবে অনুশীলন কৰিব লাগিব আৰু কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগিব ।" কণিকাই কয় ।