নেচনেল ডেস্ক,১৬ জুলাই: অমৰনাথ যাত্ৰাত আকৌ অঘটন (Amarnath Yatra 2022)। কেইদিনমান পূৰ্বে ডাৱৰ বিষ্ফোৰণত কেইবাগৰাকী তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ পিছত যোৱা ৩৬ ঘণ্টাত অমৰনাথ যাত্ৰাৰ সময়ত প্ৰাকৃতিক কাৰণত ছয়গৰাকী তীৰ্থযাত্ৰী আৰু এজন পনি চালকৰ মৃত্যু হয়। ফলত চলিত অমৰনাথ তীৰ্থযাত্ৰাত সামগ্ৰিক মৃত্যুৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পালে ।
এই বিষয়ে শনিবাৰে সদৰি কৰিছে অমৰনাথ যাত্ৰাৰে জড়িত এগৰাকী বিষয়াই (Amarnath Yatra 2022s death tally increases to 49)। মৃত্যুৰ এই তালিকাত যোৱা ৮ জুলাইৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা ১৫ গৰাকী যাত্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে ।