অসম

assam

ETV Bharat / bharat

গুজৰাটত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট দাখিল

৬ গৰাকী পাকিস্তানী নাগৰিকসহ ৭ গৰাকী নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে নিয়াই এক চাৰ্জশ্বীট দাখিল কৰে ৷ নিয়াৰ এক অনুসন্ধানকাৰী দলে সৰবৰাহকাৰী কেইজনৰ পৰা গুজৰাটত ২৩৭ কেজি নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল ৷ এই সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন, নীতি বহিৰ্ভূত কামৰ আইন আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

By

Published : Dec 19, 2020, 4:10 PM IST

6 Pakistanis among 7 chargesheeted by NIA in narcotics seizure case of Gujarat
6 Pakistanis among 7 chargesheeted by NIA in narcotics seizure case of Gujarat

নতুন দিল্লী,১৯ ডিচেম্বৰ : ৬ গৰাকী পাকিস্তানী নাগৰিক সহ ৭ গৰাকী নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে নিয়াই এক চাৰ্জশ্বীট দাখিল কৰে ৷ নিয়াৰ এক অনুসন্ধানকাৰী দলে সৰবৰাহকাৰী কেইজনৰ পৰা গুজৰাটত ২৩৭ কেজি নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল ৷ শনিবাৰে নিয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰে এই কথা ৷ আহমেদাবাদত থকা নিয়াৰ বিশেষ আদালতত শুকুৰবাৰেে দাখিল কৰা হয় এই চাৰ্জশ্বীট ৷

নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী দলটোত আছে ৬ গৰাকী পাকিস্তানী নাগৰিকৰ লগতে এগৰাকী ভাৰতীয় নাগৰিক ৷ সফদৰ আলী, এলাহী দাদ আংগিয়াৰা, আজিম খান, আব্দুল আজিজ, আব্দুল গফুৰ, মহম্মদ মালাহ নামৰ সৰবৰাহকাৰী কেইজন পাকিস্তানৰ কৰাচীৰ বাসিন্দা হোৱাৰ বিপৰীতে ৰামজান নামৰ সৰবৰাহকাৰীজন গুজৰাটৰ দ্বাৰকা এলেকাৰ বুলি জানিব পৰা গৈছে বুলি নিয়াৰ মুখপাত্ৰই সদৰী কৰে ৷

জব্দকৃত সামগ্ৰীখিনি গুজৰাটৰ কচ্ছৰ জাখাউ বন্দৰৰ সমীপত পোৱা গৈছিল ৷ এই নিচাযুক্ত সামগ্ৰীখিনিৰ লগত পাকিস্তানী টকাও উদ্ধাৰ কৰা হৈছিল ৷ ঘটনা সম্পৰ্কে সম্প্ৰতি তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক :চাইবাৰ যুদ্ধৰ সম্ভাৱনা আছেঃ ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details