নেশ্যনেল ডেস্ক,12 জানুৱাৰী : মিজোৰামত 11 জানুৱাৰীৰ দিনটোত 6 টা নতুন ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিছে ৷ সোমবাৰৰ দিনটোত প্ৰায় 520 টা স্বাৱৰ নমুনা পৰীক্ষা কৰিছিল মিজোৰাম চিকিৎসা মহাবিদ্যালয়ৰ RT-PCR পৰীক্ষাগাৰে ৷ ইয়াৰে 3 জন ক’ভিড-19ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ ইয়াৰে 2 গৰাকী মহিলা আৰু এজন পুৰুষ ৷ আক্ৰান্ত কেইগৰাকীৰ বয়স 9 ৰ পৰা 45 ৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত এজনো ৰোগীৰ দেহত দেখা দিয়া নাছিল ক’ভিড 19ৰ কোনো লক্ষণ ৷
মিজোৰামত পুনৰ ক’ভিড-19ত আক্ৰন্ত 6 জনকৈ লোক - মিজোৰামত ক’ভিড 19 শেহতীয়া বাতৰি
সোমবাৰৰ দিনটোত প্ৰায় 520 টা স্বাৱৰ নমুনা পৰীক্ষা কৰিছিল মিজোৰাম চিকিৎসা মহাবিদ্যালয়ৰ RT-PCR পৰীক্ষাগাৰে ৷ ইয়াৰে 3 জন ক’ভিড 19ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ সমান্তৰালকৈ বিভিন্ন জিলাৰ ট্ৰু NAT পৰীক্ষাগাৰসমূহে কৰা 123 টা স্বাৱ পৰীক্ষাত 3 জনকৈ লোক মহামাৰী ক’ভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
সমান্তৰালকৈ বিভিন্ন জিলাৰ ট্ৰু NAT পৰীক্ষাগাৰসমূহে কৰা 123 টা স্বাৱ পৰীক্ষাত 3 জনকৈ লোক মহামাৰী ক’ভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আক্ৰান্ত আটাইকেইজনেই 31ৰ পৰা 40 বছৰ বয়সৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত সকলৰ ভিতৰত এজন বিএছএফ জোৱানো আছে ৷ আনহাতে, 378 টা ৰেপিড এন্টিজেন পৰীক্ষাত কোনো লোকেই কৰ’ণাত আক্ৰান্ত হোৱা বুলি ধৰা পৰা নাই ৷ মিজোৰামত কৰ’ণাত আক্ৰান্তৰ হাৰ 2.30 শতাংশ আৰু আৰোগ্যৰ হাৰ 97.56 শতাংশ ৷ ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড 19ত আক্ৰান্ত হৈছে মুঠ 4299 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 4194 গৰাকীয়ে ৷ ইয়াৰ উপৰিও বৰ্তমানলৈকে মিজোৰামত কৰ’ণাৰ 96 টা সক্ৰিয় ঘটনা আছে ৷