নেশ্যনেল ডেস্ক, ১৫ জুলাই: টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে সম্পন্ন কৰিবলৈ ত্ৰিপুৰাক এতিয়াও ক'ভিড-১৯ প্ৰতিষেধকৰ লক্ষাধিক পালিৰ প্ৰয়োজন । বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Chief Minister Biplab Kumar Deb) জনোৱা মতে, ত্ৰিপুৰাৰ প্ৰতিগৰাকী লোকৰ টীকাকৰণ নিশ্চিত কৰিবলৈ প্ৰতিষেধকৰ ৬.২৫ লাখৰো অধিক পালিৰ প্ৰয়োজন হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ সৈতে মঙলবাৰে বৈঠকত মিলিত হোৱাৰ সময়ত প্ৰয়োজনীয় প্ৰতিষেধকৰ পালিখিনি শীঘ্ৰে যোগান ধৰিবলৈ আহ্বান জনোৱা হোৱা বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰয়োজনীয় পালি কেন্দ্ৰই প্ৰেৰণ কৰাৰ পাছতে প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷
ৰাজ্যখনে টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে । বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে, ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে একে মানসিকতাৰে একে পথতে আগুৱাব লাগিব । ক'ভিড সম্পৰ্কীয় নিৰ্দেশনাবোৰ সকলোৱে পালন কৰিব লাগিব ।
সকলোৱে দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ লগতে অপ্ৰয়োজনীয়ভাৱে কোনো স্থানতে যাতে অধিক লোক একত্ৰিত নহয়, সেয়া নিশ্চিত কৰিব লাগিব । ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি আছে ।