নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ :ভাৰতীয় তীখা প্ৰাধিকৰণৰ (SAIL) অধীনৰ ভিলাই তীখা প্লাণ্টত (BSP) মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । Material Recovery Department ত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় ৬ জন লোক আহত হয় । আহতসকলৰ ভিতৰত দুজন ভিলাই তীখা প্লাণ্টৰ কৰ্মচাৰী আৰু চাৰিজন ঠিকাভিত্তিক কৰ্মচাৰী ।
উক্ত ঘটনাৰ পাছতে আহত কেইজনক ভিলাইৰ চেক্টৰ ৯ (Sector 9 Hospital) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাটো প্ৰকল্পটোৰ এমআৰডি ইউনিট ২ ত (MRD Unit 2) সংঘটিত হৈছে ।