অসম

assam

ETV Bharat / bharat

Bad cholesterol: শৰীৰত জমা হৈছে নেকি বেয়া কলেষ্টেৰল ? তেন্তে খাদ্য তালিতাত অন্তৰ্ভুক্ত কৰক এইসমূহ সামগ্ৰী

শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰলক কেতবোৰ ঘৰুৱা উপায়ৰ সহায়ত শিৰাৰ পৰা আঁতৰাই পেলাব পাৰি ৷ ইয়াৰ বাবে মাত্ৰ গ্ৰহণ কৰক তলত উল্লেখিত এই সামগ্ৰীসমূহ ৷

6 home remedies to reduce bad cholesterol
শৰীৰত জমা হৈছে নেকি বেয়া কলেষ্টেৰল ? তেন্তে খাদ্য তালিতাত অন্তৰ্ভুক্ত কৰক এইসমূহ সামগ্ৰী

By

Published : May 11, 2023, 7:04 PM IST

প্ৰায় সকলো বয়সৰ লোকেই আজিকালি উচ্চ কলেষ্টেৰলৰ সমস্যাৰ সন্মুখীন হৈছে। দ্ৰুতগতিত পৰিৱৰ্তিত জীৱনশৈলী, জাংক ফুডৰ অত্যধিক সেৱন আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱ এই সমস্যাৰ প্ৰধান কাৰণ (bad cholesterol foods)। কিছুমান লোকৰ কলেষ্টেৰলৰ বাবে হাৰ্ট এটেকও হ’ব পাৰে। যুৱক-যুৱতীসকলৰ ভুল অভ্যাসেই কলেষ্টেৰল বৃদ্ধিৰ কাৰণ হৈ পৰিছে । কলেষ্টেৰল বৃদ্ধি হ’লে চিকিৎসকে এনে ঔষধ দিয়ে যিয়ে সকাহ দিয়ে (6 home remedies to reduce bad cholesterol)। কিন্তু এই সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পাব পাৰে কিছুমান ঘৰুৱা উপায় চেষ্টা কৰি (Bad cholesterol)। আহক জানো কিদৰে আমি বেয়া কলেষ্টেৰলৰ পৰা সকাহ পাব পাৰে (good cholesterol)।

১) গ্ৰীণ টি:মেডিকেল নিউজ টুডেত প্ৰকাশিত এক বাতৰি অনুসৰি গ্ৰীণ টি বেছিকৈ ওজন কমোৱাৰ বাবে ব্যৱহাৰ কৰা হয় । মেদবহুলতাত আক্ৰান্ত লোকে ইয়াক ব্যৱহাৰ কৰে । কিন্তু কলেষ্টেৰলৰ বাবেও ই অতি উপকাৰী । নিয়মিতভাৱে খালে বেয়া কলেষ্টেৰল কমি যায় (how to lower cholesterol)।

২) বিলাহীৰ ৰস:বিলাহীৰ ৰসৰ স্বাস্থ্যৰ বহু উপকাৰিতা আছে । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কলেষ্টেৰলৰ সমস্যাত ভুগি থকা ৰোগীয়েও বিলাহীৰ ৰস সেৱন কৰিব লাগে । ই বেয়া কলেষ্টেৰল কমায় ।

৩) নহৰু:সকলোৰে পাকঘৰত নহৰু পোৱা যায় । ইয়াক চাটনি বনোৱাৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে ব্যৱহাৰ কৰা হয় । বহু ৰোগৰ চিকিৎসাৰ বাবে নহৰুৰ ব্যৱহাৰ কৰা হয় । ই শিৰাত থকা ৰক্তচাপ আৰু বেয়া কলেষ্টেৰল পৰিষ্কাৰ কৰে । ইয়াৰ উপৰিও ৰক্ত সঞ্চালন নিৰাময় কৰে ।

৪) হালধি:হালধি বহু ঔষধি গুণেৰে ভৰপূৰ । স্বাস্থ্যৰ বাবে হালধিৰ বহু উপকাৰিতা আছে । ইয়াত উপস্থিত থকা পুষ্টিকৰ পদাৰ্থই শিৰাত জমা হোৱা বেয়া কলেষ্টেৰল আঁতৰাই পেলায় । গাখীৰৰ লগত হালধি দি খাব পাৰে ।

৫) ফ্লেক্সছ চিড: কলেষ্টেৰল কমোৱাৰ বাবে ফ্লেক্সচিডক ঔষধ বুলি ধৰিব পাৰি । আয়ুৰ্বেদত ইয়াক কলেষ্টেৰল হ্ৰাস কৰাৰ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয় । ফ্লেক্সছ চিড পিহি গুড়ি বনাব পাৰে আৰু খালী পেটত প্ৰতিদিনে এচামুচ গুড়ি কুহুম পানীৰ সৈতে খাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ পাচনতন্ত্ৰ ভাল হ’ব আৰু আপুনি কলেষ্টেৰলৰ সমস্যাৰ পৰা সকাহ পাব ।

৬) আমলখি: আমলখিত বহুতো পুষ্টিকৰ উপাদান থাকে । ইয়াত ভিটামিন চি পোৱা যায় । আমলখি শিৰাৰ পৰা বেয়া কলেষ্টেৰল আঁতৰাই পেলায় । ইয়াৰ বাবে দৈনিক এক চামুচ আমলা গুড়ি কুহুমীয়া পানীৰ লগত খাব লাগে ।

লগতে পঢ়ক:Summer Food: গ্ৰীষ্মকালত শৰীৰক সতেজ তথা ৰোগমুক্ত কৰি ৰাখিবলৈ এই ৰেচিপি ঘৰতে তৈয়াৰ কৰক সুস্বাদু চিৰালৰ আইচক্ৰীম

ABOUT THE AUTHOR

...view details