নিউজ ডেস্ক,10 অক্টোবৰ: বহিঃৰাজ্যত অসমৰ 6 খেলুৱৈ অসুস্থ৷ব্ৰহ্মপুত্ৰ মেইলেৰে জামালপুৰলৈ অহাৰ সময়ত ছয়গৰাকী মহিলা খেলুৱৈ হঠাৎ অসুস্থ হৈ পৰে ৷ মহিলা খেলুৱৈসকল অজ্ঞান হোৱাৰ লগে লগে ৰে’ল নিৰাপত্তাৰক্ষী আৰু টিটিইয়ে জামালপুৰ জি আৰ পি আৰু আৰ পি এফ ক ঘটনাটোৰ বিষয়ে অৱগত কৰে । তাৰ পিচতে অসুস্থ খেলুৱৈসকলক জামালপুৰ ষ্টেচনত নমাই চিকিৎসাৰ বাবে ইষ্টাৰ্ণ ৰে’লৱে মেইন চিকিৎসালয়ত ভৰ্তি কৰাই ।
অসুস্থ মহিলা খেলুৱৈসকল হৈছে জ্যোতি (১৫) , গোলাঘাটৰ মৌচুমী(১৩) বছৰ, তেজপুৰৰ সংগীতা (১৪), নগাঁৱৰ প্ৰণীতা (১৫), প্ৰভকাৰ দাস(১৭) , সুনীতা (১৬) আৰু নগাঁৱৰ সহ-প্ৰশিক্ষক পাপু ।
আনহাতে ৰে'ল চিকিৎসালয়ৰ অধীক্ষক ড৹ জে. কে. প্ৰসাদে কয় যে, অসুস্থ মহিলা খেলুৱৈসকল এতিয়া বিপদমুক্ত । মূৰ্চ্ছা যোৱাৰ কাৰণ হৈছে বিষাক্ত খাদ্য আৰু তাপ বুলি সন্দেহ কৰিছে চিকিৎসক গৰাকীয়ে ।