চেন্নাই, 14 নৱেম্বৰ :বিমানবন্দৰ শুল্ক অধিকাৰীয়ে শুকুৰবাৰে এটা স্মাগলিং ৰেকেট উচ্চেদ কৰিবলৈ সক্ষম হৈছে ৷ এই স্মাগলিং ৰেকেটটোৰে সৈতে বিমানবন্দৰ হাউচকিপিং সেৱাত নিয়োজিত পাঁচ গৰাকী লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিষয়াসকলে জানিবলৈ দিয়া মতে ট্ৰানজিত অঞ্চলৰ আশ পাশ তেওঁলোকে বিশেষভাৱে প্ৰত্যক্ষ কৰিছিল ৷ বিষয়াসকলে জানিবলৈ দিয়া মতে এজন দাৰোৱান ট্ৰানজিট অঞ্চলৰ মাজেদিয়েই শৌচাগাৰলৈ যোৱা দেখা পাই বিষয়াসকলে তেওঁক অনুসৰণ কৰে আৰু এটা ডাষ্টবিনৰ পৰা কলা বাণ্ডল উলিয়াই থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ সেই বাণ্ডল কেইটা খুলি চোৱাত 2 কিলোগ্ৰাম উজনৰ তিনিটা সোণৰ পেকেট জব্দ কৰে ৷
দাৰোৱানজনক প্ৰশ্ন কৰাত তেওঁ কয় যে তেওঁৰে সহকৰ্মী শংকৰে তেওঁলোকৰ পৰ্যবেক্ষকৰ নিৰ্দেশ মৰ্মে শৌচালয়ৰ পৰা তেওঁক বাণ্ডল কেইটা সংগ্ৰহ কৰিবলৈ দিছিল ৷ ইয়াৰ পাছতে চাৰভিচ মাষ্টাৰ ক্লিন লিমিটেড ত কৰ্মৰত কুমাৰ নামৰ পৰ্যেবেক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰা হয় আৰু কুমাৰেই যে সমগ্ৰ ঘটনাৰ আঁৰৰ মাষ্টাৰমাইণ্ড এই কথা পোহৰলৈ আহে ৷ গ্ৰেপ্তাৰ হোৱা লোক পাঁচ গৰাকী হ'ল যাত্ৰী, দাৰোৱান গৰাকীৰ লগতে তেওঁৰ সহকৰ্মী, তেওঁলোকৰ পৰ্যবেক্ষক আৰু যাত্ৰী গৰাকীক নিবলৈ অহা লোক গৰাকী ৷