নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী:শুকুৰবাৰে ৬.৪ ৰিখটাৰ স্কেলত অহা ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানৰ কিছু কিছু অঞ্চল । পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে নিশা প্ৰায় ১০.০২ মিনিটত অনুভূত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তাজিকিস্তান । বিভাগৰ মতে ভূমিকম্পটো ৮০ কি:মি: গতিবেগত আহিছিল । ইছলামাবাদ,পাঞ্জাৱ,খাইবাৰ পাখতুনখুৱা আৰু বেলুচিস্তানত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল । তদুপৰি ভূমিকম্পৰ ফলত ইছলামাবাদকে ধৰি দেশৰ কিছু অংশত ভয়ত বহুলোক ঘৰৰ পৰা ওলাই অহাও পৰিলক্ষিত হয় ।
পাকিস্তানত ৬.৪ প্ৰাব্যলৰ ভূমিকম্প - পাকিস্তানত ৬.৪ প্ৰাব্যলৰ ভূমিকম্প
৬.৪ ৰিখটাৰ স্কেলত অহা ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানৰ কিছু কিছু অঞ্চল । দেশখনত কোনো লোক হতাহত হোৱা বা সম্পত্তি নষ্ট হোৱাৰ খবৰ এতিয়াও অহা নাই ।
পাকিস্তানত ৬.৪ প্ৰাব্যলৰ ভূমিকম্প
অৱশ্য়ে এই ঘটনাৰ ফলত দেশখনত কোনো লোক হতাহত হোৱা বা সম্পত্তি নষ্ট হোৱাৰ খবৰ এতিয়াও অহা নাই । দেশখনৰ এখন বাতৰি কাকতত প্ৰকাশ পোৱা মতে ইতিমধ্য়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে প্ৰতিখন ৰাজ্যৰে দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে শেহতীয়া তথ্য় লাভ কৰাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে ।