অসম

assam

ETV Bharat / bharat

6 crores seized from BJP MLAs son house : বিজেপি নেতাৰ পুত্ৰৰ ঘৰত ওলাল কোটি কোটি টকা - former chief minister B S Yeddyurappa

বিজেপি বিধায়ক মাদল বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত মাদলৰ বাসগৃহ আৰু কাৰ্যালয়ত লুকায়ুক্তৰ অভিযানকাৰী দলে অভিযান চলাই জব্দ কৰিলে বহু কোটি টকা (Lokayukta officials seized 6 crores from BJP MLA s son) । লোকায়ুক্তৰ এক সূত্ৰই জানিবলৈ দিয়ে এই তথ্য ৷

6 crores seized from BJP MLAs son
বিজেপি নেতাৰ পুত্ৰৰ ঘৰত ওলাল 6 কোটি টকা

By

Published : Mar 3, 2023, 1:24 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চ :লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত মোক্ষম আঘাত ৷ বিজেপি বিধায়কৰ পুত্ৰৰ ঘৰত উদ্ধাৰ হ’ল কোটি কোটি টকা ৷বিজেপিৰ বিধায়ক মাদল বিৰুপাক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত মাদলৰ বেংগালুৰুৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা লোকায়ুক্তৰ অভিযানকাৰী দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৬ কোটি টকাৰ নগদ ধন । ৪০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়ক পুত্ৰক ৷ ইয়াৰ পাচতে লোকায়ুক্তৰ এটা দলে তেওঁৰ চৌহদৰ পৰা প্ৰায় ৬ কোটি টকা নগদ ধন জব্দ কৰিছে বুলি শুকুৰবাৰে বিষয়াসকলে জানিবলৈ দিয়ে । বিজেপি বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই লোকায়ুক্তৰ এটা অভিযানকাৰী দলে প্ৰশান্ত মাদলৰ বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলায় (Lokayukta officials seized 6 crores from BJP MLA s son)৷

প্ৰশান্ত মাদলৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা জব্দ হোৱা নগদ ধনৰ ১.৭ কোটিৰো অধিক ধন তেওঁৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে, বিধায়ক পুত্ৰৰ অন্যান্য স্থানত থকা বাসস্থানৰ চৌহদত তালাচী অব্যাহত আছে বুলি লোকায়ুক্তৰ বিষয়াসকলে জনায় । প্ৰশান্ত মাদল বাংগালুৰু পানী যোগান আৰু নলা ব’ৰ্ডৰ মুখ্য একাউণ্টেণ্ট ৷ ইতিমধ্যে মাদলক কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্ট লিমিটেডৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা বুলিও জনালে অভিয়ানকাৰী দলে ৷ উল্লেখ্য যে, কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্ট লিমিটেডৰ অধ্যক্ষ হ’ল প্ৰশান্ত মাদলৰ পিতৃ তথা বিজেপি বিধায়ক বিৰুপাক্ষপ্পা । (6 crores seized from BJP MLAs son house in Karnataka)।

বিজেপি নেতাৰ পুত্ৰৰ ঘৰত ওলাল 6 কোটি টকা

ঘটনাৰ সৈতে জড়িত অভিযুক্ত বিধায়ক পুত্ৰজন ২০০৮ বৰ্ষৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া বুলি জানিবলৈ পৰা গৈছে, যিয়ে কেঁচামাল যোগানৰ বাবে এজন ঠিকাদাৰৰ পৰা ৮১ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল । পিছত 40 লাখ টকাত বিষয়টো নিষ্পত্তি হয় বুলি সূত্ৰত প্ৰকাশ । চাবোন উৎপাদন আৰু অন্যান্য সামগ্ৰীৰ কেঁচামাল ক্ৰয় কৰাৰ বিনিময়ত ঠিকাদাৰৰ পৰা এই ধনখিনি লাভ কৰাৰ সন্দেহ কৰা হৈছে ।

উল্লেখনীয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্নীতিমুক্ত চৰকাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ (former chief minister B S Yeddyurappa) ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে বিজেপি বিধায়ক পুত্ৰৰ এনে কাণ্ডই আগন্তক নিৰ্বাচনত দলটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত চৰ্চা চলা পৰিলক্ষিত হৈছে (Union Home Minister Amit Shah) ৷ তদুপৰি, প্ৰভাৱশালী বিজেপি নেতাৰ পুত্ৰক গ্ৰেপ্তাৰৰ দ্বাৰা দেশৰ দুৰ্নীতিগ্ৰস্ত বিষয়াসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি লোকায়ুক্তৰ বিষয়াসকলে কয় । ৰাজহুৱা খণ্ডৰ দুৰ্নীতি ৰোধৰ বাবে এনে অভিযান অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়, আৰু এনে অপৰাধত দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় লোকায়ুক্তৰ শীৰ্ষ বিষয়াই ।

লোকায়ুক্তৰ অভিযানকাৰী দলে বিধায়কৰ পুত্ৰৰ চৌহদৰ পৰা প্ৰায় ৬ কোটি টকাৰ নগদ ধন বৰ্তমানলৈ জব্দ কৰিছে ৷ লগতে ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে এতিয়াও তালাচী অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details