অসম

assam

By

Published : Mar 1, 2023, 10:51 PM IST

ETV Bharat / bharat

Gujarat fishermen lodged in Pakistan: পাকিস্তানত বন্দী গুজৰাটৰ 560 জন মাছমৰীয়া

বুধবাৰে গুজৰাট বিধানসভাত কংগ্ৰেছৰ বিধায়কে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মীনমন্ত্ৰী ৰাঘৱজী পেটেলে কয় যে, বিগত দুবছৰত 280 জন গুজৰাটৰ মাছমৰীয়াক পাকিস্তানে গ্ৰেপ্তাৰ কৰিছে (Indian fishermen arrested by Pakistan) ৷

Gujarat fishermen lodged in Pakistan
পাকিস্তানত বন্দী গুজৰাটৰ 560 জন মাছমৰীয়া

নিউজ ডেস্ক, 1 মাৰ্চ: বুধবাৰে গুজৰাট চৰকাৰে ৰাজ্যৰ বিধানসভাত অৱগত কৰে যে, ৰাজ্যখনৰ পৰা 560 জন মাছমৰীয়া বৰ্তমানেও পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে । কংগ্ৰেছৰ বিধায়ক শৈলেশ পাৰমাৰে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিধানসভাত ৰাজ্য চৰকাৰে এই পৰিসংখ্যা প্ৰকাশ কৰে । প্ৰশ্ন উত্থাপনৰ সময়ত ৰাজ্য চৰকাৰৰ পৰা এই সঁহাৰি আহিছিল (560 Gujarat fishermen lodged in Pakistani jail)।

এই বিষয়টোক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মীন মন্ত্ৰী ৰাঘৱজী পেটেলে কয় যে, বিগত দুবছৰত পাকিস্তানে গ্ৰেপ্তাৰ কৰিছে এই 560 জন মাছমৰীয়াৰ প্ৰায় আধা সংখ্যকক । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, 2021 চনত পাকিস্তানে 193 জন মাছমৰীয়াক আটক কৰিছিল । লগতে তেওঁ কয় যে, 2022 চনত এই সংখ্যা 81 আছিল । মন্ত্ৰীগৰাকীৰ মতে, ৰাজ্য চৰকাৰে ইতিমধ্যে যোৱা দুবছৰত গৃহ মন্ত্ৰালয়ক জাতীয়তাৰ প্ৰমাণ আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰি মাছমৰীয়াসকলৰ মুক্তি নিশ্চিত কৰিছে (Gujarat Fisheries Minister Raghavji Patel) ।

লগতে পঢ়ক:Kejriwal slames BJP: আপ চৰকাৰৰ কাম বন্ধ কৰাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে দুই মন্ত্ৰীক; কেজৰিৱাল

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, 2021 চনত কেন্দ্ৰীয় চৰকাৰক 11 বাৰ নথি-পত্ৰ দাখিল কৰাৰ বিপৰীতে পিছৰ বছৰত 10 বাৰ নথি-পত্ৰ দাখিল কৰা হৈছিল । পাকিস্তানৰ সামুদ্ৰিক সুৰক্ষা সংস্থাই গুজৰাটৰ পৰা অহা ভাৰতীয় মাছমৰীয়াসকলক আৰব সাগৰত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখা (IMBL) পাৰ হৈ পাকিস্তানৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত সঘনাই আটক কৰি ৰাখে (Indian fishermen arrested by Pakistan) ।

গুজৰাট চৰকাৰৰ বিষয়াসকলৰ মতে, পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা মাছমৰীয়াৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে মাহিলী 300 টকা সাহায্য প্ৰদান কৰে । লগতে বৰ্তমান 323 টা পৰিয়ালক এই সাহায্য প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details