নিউজ ডেস্ক, ২১ জুন :'লাভ জিহাদ'ৰ পিছত এইবাৰ 'ধৰ্মান্তৰকৰণ জিহাদ' । লাভ জিহাদ সন্দৰ্ভত সময়ে সময়ে বিজেপি নেতাসকল সোচ্চাৰ হৈ অহাৰ সময়তে এইবাৰ ধৰ্মান্তৰকৰণ জিহাদক লৈ এক গুৰুতৰ অভিযোগ আনিছে মহাৰাষ্ট্ৰৰ এগৰাকী বিজেপি নেতাই । বিজেপি নেতা আশিস শ্বেলাৰৰ দাবী, ৰাজ্যখনত বৰ্তমান চাৰি প্ৰকাৰৰ জিহাদ চলি আছে । সেয়া হৈছে লাভ জিহাদ (Love Jihad), ইলেক্ট্ৰ'নিক্স জিহাদ (Electronics Jihad), সেৱা জিহাদ (Service Jihad) আৰু ক্ষমতা জিহাদ (Power Jihad) ।
তেওঁ কয় যে দেশত বৰ্তমান জিহাদৰ বতাহ বৈ আছে । এটা বছৰত দেশৰ পৰা ২ লাখ মহিলা অন্তৰ্ধান হোৱা বুলিও তেওঁৰ অভিযোগ । আনহাতে, বিজেপি নেতাজনে দাবী তথা অভিযোগ কৰিছে যে থানেৰ পৰা এবছৰত ৫৩৫ গৰাকী মহিলা সন্ধানহীন হোৱাৰ গোচৰ আৰক্ষীৰ ওচৰত পঞ্জীয়ন কৰা হৈছে । তেনে ক্ষেত্ৰত গৃহ বিভাগ আৰু আৰক্ষীয়ে এই বিষয়টো কেতিয়া গুৰুত্বসহকাৰে ল'ব বুলিও তেওঁ প্ৰশ্ন কৰে ।
তেওঁ কয়, লাভ জিহাদ হৈছে চাৰি প্ৰকাৰৰ জিহাদৰ ভিতৰত এটা । যদি জিহাদ নাথাকিলহেঁতেন তেন্তে শ্ৰদ্ধা ৱাকাৰৰ দৰে ঘটনা ঘটিব নোৱাৰিলেহেঁতেন বুলিও তেওঁৰ দাবী । শ্ৰদ্ধাৰ শৰীৰৰ অংশবোৰ ফ্ৰিজত ৰখা হৈছিল । আনহাতে, একেটা ফ্ৰিজৰ পৰা পানীৰ বটলেৰে পানী খোৱাটো এটা পৈশাচিক প্ৰৱণতা । ইফালে ইলেক্ট্ৰ'নিক্স জিহাদৰ সন্দৰ্ভত তেওঁ কয়, সকলো স্তৰতে এটা অভিযোগ উত্থাপিত হৈছে যে ইলেক্ট্ৰ'নিক্স জিহাদ মুম্বৰা অঞ্চলৰ পৰাই আৰম্ভ হৈছে ।
উল্লেখ্য, কেইদিনমান পূৰ্বে এটা ঘটনা পোহৰলৈ আহিছিল যে শ্বাহনাৱাজ নামৰ এজন যুৱকে এক অনলাইন গেমৰ জৰিয়তে ধৰ্মান্তৰিত কৰি আহিছে । তৃতীয় জিহাদ হৈছে সেৱা জিহাদ । আশিসৰ প্ৰশ্ন, ডেলিভাৰী কৰ্মচাৰীসকল কিয় এটা নিৰ্দিষ্ট জাতিৰ ? আশিস শ্বেলাৰে তেওঁৰ বক্তব্যত চতুৰ্থ জিহাদটো ক্ষমতা জিহাদ বুলি ব্যাখ্যা কৰি এক উত্তেজনাৰ সৃষ্টি কৰে ।
থানেৰ পৰা ৫৩৫ গৰাকী মহিলা সন্ধানহীন
জিহাদৰ দ্বাৰা সামাজিক ব্যৱস্থা কেনেদৰে ধ্বংস কৰা হৈছে তাৰ উদাহৰণ দাঙি ধৰি আশিস শ্বেলাৰে জিহাদৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বেদনাও উপস্থাপন কৰে । আশিস শ্বেলাৰে অভিযোগ কৰে যে জিহাদৰ জৰিয়তে এবছৰত দেশৰ পৰা ২ লাখ মহিলা নিৰুদ্দেশ হৈছে । কেৱল সেয়াই নহয়, শ্বেলাৰে অভিযোগ কৰে যে থানেৰ পৰাও ৫৩৫ গৰাকী মহিলা নিৰুদ্দেশ হৈছে । তেওঁ লগতে দাবী কৰে যে থানে আৰক্ষীৰ ওচৰত এই মহিলাসকলৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ আৰু ৰেকৰ্ড আছে । যাৰ ফলত এক আলোড়নৰ সৃষ্টি হৈছে ।