নেশ্যনেল ডেস্ক, 12 আগষ্ট : 2018 ৰ পৰা 2021 বৰ্ষৰ ভিতৰত আৰক্ষীৰ জিম্মাত(Police Custody) হোৱা মৃত্যুৰ সন্দৰ্ভত প্ৰায় 348 টা গোচৰ ৰুজু কৰা হৈছে ৷ এই সময়ছোৱাৰ ভিতৰত ন্যায়িক জিম্মাত(Judicial custody) হোৱা মৃত্যুৰ বাবে 5,221টা গোচৰ ৰুজু কৰা হৈছে ৷ বুধবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এই তথ্য সদৰী কৰে ৷ তেওঁ কয় যে, 2018-19 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 136 টা গোচৰ ৰুজু কৰাৰ হৈছে ৷
একেদৰে, 2019-20 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 112 টা গোচৰ ৰুজু কৰাৰ বিপৰীতে 2020-21 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 100 টা আৰু ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে 1,840 টা গোচৰ ৰুজু কৰা হৈছে ৷ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যত সদৰী কৰা তথ্য মতে, ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে সৰ্বাধিক গোচৰ ৰুজু কৰা হৈছে ৷
লগতে পঢ়ক:NRC প্ৰস্তুতৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা হোৱা নাই : নিত্যানন্দ ৰায়
তাৎপৰ্যপূৰ্ণভাৱে, ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে গোচৰ ৰুজু কৰা তালিকাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ ৷ 2018 ৰ পৰা 2021 বৰ্ষৰ ভিতৰত ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে উত্তৰ প্ৰদেশত মুঠ 1,295 টা গোচৰ ৰুজু কৰা হৈছে ৷ এই তালিকাৰ দ্বিতীয়ত আছে মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ তৃতীয় স্থানত আছে ৷ সেই অনুসৰি মধ্য প্ৰদেশত ৰুজু হোৱা গোচৰৰ সংখ্যা হ'ল 441 টা আৰু মহাৰাষ্ট্ৰত এই সংখ্যা হৈছে 370 টা ৷